ETV Bharat / state

সমগ্ৰ অসমত লকডাউনৰ সম্ভাৱনা নাই: মুখ্যমন্ত্ৰী

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক'ভিডৰ সম্পৰ্কীয় গুৰুত্ব পূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ । বৰ্তমানলৈ লকডাউন সন্দৰ্ভত কোনো চিন্তা-চৰ্চা কৰা হোৱা নাই যদিও পৰিস্থিতি চাই ব্যৱস্থা লোৱা হ'ব । কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক 2 হাজাৰ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব । ক'ভিডত আক্ৰান্ত হোৱা 50ৰ উৰ্দ্ধৰ ব্যক্তিক 17 মে'ৰ পৰা হাস্পতাল নাইবা ক'ভিড কেয়াৰ চেন্টাৰত ৰখা হ'ব ।

সমগ্ৰ অসমত লকডাউনৰ সম্ভাৱনা নাই: মুখ্যমন্ত্ৰী শৰ্মা

author img

By

Published : May 14, 2021, 7:03 PM IST

গুৱাহাটী, 14 মে': সমগ্ৰ অসমত লকডাউন দিয়াৰ সম্ভাৱনা নাই যদিও তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাত যদি পৰিস্থিতি নিয়ন্ত্ৰন নহয়, তেনেহ’লে আৰু অধিক কঠোৰ কৰা হ’ব নীতি-নিয়ম । এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ চিকিৎসক সকলৰ সৈতে আলোচনাত মিলিত হয় ।

চিকিৎসক সকলৰ সৈতে হোৱা আলোচনাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে যে, শনিবাৰে পুনৰ নতুন নিৰ্দেশনা জাৰি কৰা হ'ব । এই নতুন নিৰ্দেশনা কেৱল চাহ-বাগানৰ বাবেহে । 13 মে’ৰ পৰা কাৰ্যকৰী হোৱা নিৰ্দেশনাত চাহ বাগান সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল । যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰোৱাইছিল শ্ৰমিকক । সেয়ে শনিবাৰে কেৱল চাহ বাগান সন্দৰ্ভতে নতুন নিৰ্দেশনা প্ৰকাশ পাব ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, অসমত বৰ্তমানলৈ লকডাউন সন্দৰ্ভত কোনো চিন্তা চৰ্চা হোৱা নাই । অৱশ্যে পিছলৈ পৰিস্থিতি চাই ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকক 2 হাজাৰ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব । আনহাতে, ক'ভিডত আক্ৰান্ত হোৱা 50 উৰ্দ্ধৰ ব্যক্তিক 17 মে'ৰ পৰা হাস্পতাল নাইবা ক'ভিড কেয়াৰ চেন্টাৰত থকাতো বাধ্যতামূলক কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে । লগতে 17 মে’ৰ পৰাই গুৱাহাটীত প্ৰতিদিনে 20 হাজাৰ ক'ভিড টেষ্ট কৰোৱা হ'ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইফালে অক্সিজেন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বৰ্তমান অসমত পৰ্যাপ্ত পৰিমাণত অক্সিজেন মজুত আছে । ইয়াৰ বাহিৰেও 25 মেট্ৰিক টন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব । আনহাতে, চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাক এক মেট্ৰিক টন আৰু অৰুণাচলক 5 মেট্ৰিক টন অক্সিজেন প্ৰদান কৰি সংকটৰ এই সময়ত সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰে । সেইদৰে ক'ভিড ৰোগীৰ বাবে তিনি হাজাৰ অতিৰিক্ত বিচনা নিৰ্মান কৰাৰ কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

ইফালে তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ বাবে যাব ড৹ হিমন্ত বিশ্ব শৰ্মা । উল্লেখ্য যে, ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ।

শুকুৰবাৰৰ এই বৈঠকত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্য, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী সঞ্চালকসহ কেইবাজনো বিষয়া আৰু চিকিৎসক উপস্থিত আছিল ।

লগতে পঢ়ক: ২১ মে'ত শপত ল’ব নৱ-নিৰ্বাচিত বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.