ETV Bharat / state

বিটিচিৰ নতুন মুৰব্বী প্ৰমোদ বড়োঃমুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Dec 13, 2020, 2:30 PM IST

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হ’ল ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো ৷ নৱ নিৰ্বাচিত বিটিচি প্ৰধান হিচাপে প্ৰমোদ বড়োৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

as_CM_announces_Pramod_Bodo_as_new_BTC_chief_img
বিটিচিৰ নতুন মুৰব্বী প্ৰমোদ বড়োঃমুখ্যমন্ত্ৰী সোণোৱাল

নিউজ ডেস্ক,13 ডিচেম্বৰ: বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হ’ল ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো ৷ নৱ নিৰ্বাচিত বিটিচি প্ৰধান হিচাপে প্ৰমোদ বড়োৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সদ্য বিজয়ী 21 জনীয়া পাৰিষদীয় দলে দেওবাৰে পুৱা সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী সোণোৱালক ৷ লগতে আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সংবাদমেল

উল্লেখ্য যে, দেওবাৰে পুৱা গুৱাহাটীৰ হোটেল লিলিত এক ৰুদ্ধাদ্বাৰ বৈঠকত মিলিত হৈছিল বিজেপিৰ নেতৃবৃন্দ, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, আৰু গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ শৰণীয়া ৷ প্ৰায় এঘন্টাজুৰি চলা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু প্ৰমোদ বড়োৱে ঘোষণা কৰে যে তিনিওটা দলৰ নিৰ্বাচিত এম চি এল এৰ সংখ্যা হৈছে ২১ গৰাকী ৷ গতিকে বিটিআৰত সমিলমিলেৰে এই তিনি দলেই চৰকাৰ গঠন কৰাৰ কৰিব ৷

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োৰ নাম ঘোষণা কৰাৰ পিছতেই টুইটযোগে তেখেতক ধন্যবাদ জ্ঞাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৷

লগতে পঢ়ক-বিটিআৰত UPPLৰ চৰকাৰঃহোটেল লিলিত ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.