ETV Bharat / state

AEC student death case update: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষকৰ বাধ্যতামূলক ছুটীৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

AEC ৰ ৭ জন ছাত্ৰৰ মৃত্যুৰ পিচতে শিক্ষা বিভাগক উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদন্ত শেষ নোহোৱালৈকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষকৰ বাধ্যতামূলক ছুটীৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ (AEC student death case update)৷

author img

By

Published : Jun 1, 2023, 4:32 PM IST

CM  announce AEC Principal and Superintendent compulsory leave
অধ্যক্ষ আৰু অধীক্ষকৰ বাধ্যতামূলক ছুটীৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
AEC ৰ ৭ জন ছাত্ৰৰ মৃত্যুৰ পিচত মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি

গুৱাহাটী, ১ জুন: ৰাজ্য জোকাৰি যোৱা AEC ৰ ৭ জন ছাত্ৰৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশনা (AEC Student death news) ৷ AEC ৰ ছাত্ৰকেইজনৰ মৃত্যুৰ পিচতে শিক্ষা বিভাগক উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদন্ত শেষ নোহোৱালৈকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষকৰ বাধ্যতামূলক ছুটীৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ (AEC student death case update)৷

উল্লেখ্য যে, অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত কৰা দায়সৰা অসংবেদনশীল মন্তব্যই বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল (Seven students died in Guwahati) ৷ ইয়াৰ পিচতে ৰাজ্য চৰকাৰে হোষ্টেলত আভ্যন্তৰীণ অনুশাসন শক্তিশালী কৰাৰ বাবে আন এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে (CM on AEC Student death)।

এই মৰ্মান্তিক দুৰ্ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে শিক্ষা বিভাগক উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠনৰ বাবে নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দুৰ্ঘটনাৰ আঁৰৰ কাৰণ আৰু দুৰ্ঘটনা সৃষ্টিৰ বাবে প্ৰভাৱিত কৰা পৰিস্থিতিৰ তদন্তৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অকাল মৃত্যুৰ মূল কাৰকসমূহ অধ্যয়ন কৰি তদন্ত কৰিব এই সমিতিখনে (CM Himanta Biswa Sarma special order)।

ইফালে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আৰু চৰকাৰে প্ৰতিবেদন দাখিল নকৰালৈকে অসম অভিযন্তা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু হোষ্টেলৰ অধীক্ষকক বাধ্যতামূলক ছুটীত যাবলৈ নিৰ্দেশনা দিয়া হৈছে ৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বৰ্তমানৰ ব্যৱস্থাটোৰ ওপৰত চকু ৰাখিবলৈ এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে ৷

সাধাৰণতে এনে নিৰ্বাচনৰ আগৰ আৰু পিচৰ সময়ছোৱাত সঘনাই সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্যৱস্থাৰ পুনৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে ৷ তদুপৰি, ছাত্ৰ সমাজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা যিকোনো ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শিক্ষা বিভাগৰ শিক্ষানুষ্ঠানৰ হোষ্টেলত অনুশাসন, নিয়ম-নীতি সুদৃঢ় কৰাৰ বাবে আন এখন সমিতি গঠন কৰিবলৈও একেলগে নিৰ্দেশনা আগবঢ়াইছে ।

এই সমিতিখনে ছাত্ৰাবাসৰ পৰা বাহিৰলৈ ওলোৱা আৰু সোমোৱাৰ সময় কঠোৰভাৱে পালন কৰা, ছাত্ৰ-ছাত্ৰী নিবাসৰ চৌহদ আৰু ছাত্ৰ-ছাত্ৰী নিবাসত সুৰা আদি মাদক দ্ৰব্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা প্ৰসংগত কঠোৰভাৱে দৃষ্টি ৰাখিব ৷ লগতে হোষ্টেলত প্ৰাক্তন আবাসীয়ে বাহৰ পতাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ ওপৰতো এইখন সমিতিয়ে চকু ৰাখিব। হোষ্টেলৰ সামুহিক সুস্থ জীৱনৰ প্ৰসাৰৰ উপায় প্ৰসংগতো এইখন সমিতিয়ে পৰামৰ্শ আগবঢ়াব ৷

লগতে পঢ়ক: AEC students death: ৭ মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ বাবে দায়ী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.