গুৱাহাটী, 7 আগষ্ট : অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব নিয়মীয়া পাঠদান। বিশ্ববিদ্যালয়খনৰ হোষ্টেলসমূহো খুলি দিয়াৰ সিদ্ধান্ত লৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰিছে এখন জাননী। এই জাননীযোগে ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা হোষ্টেলসমূহ খোলাৰ লগতে ২২ ছেপ্টেম্বৰৰ পৰা স্নাতক শাখা আৰু ২৫ ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি জনাইছে ।
চৰকাৰী সকলো নীতি নিৰ্দেশনাৰ মাজতে বিশ্ববিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ১ ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান পৰ্যায়ক্ৰমে খোলাৰ কথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাচতে জাননীযোগে এই কথা শিক্ষাৰ্থীক জনাইছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইফালে শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। তাৰোপৰি পৰীক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলৰ হিতৰ কথা ভাৱি এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।
উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস সমূহ কোৱাৰেন্টাইন চেন্টাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে ক’ভিড-19 মহামাৰীৰ বাবে ৷ গতিকে ছাত্ৰাবাস সমূহ খোলাৰ পূৰ্বে সম্পূৰ্ণভাৱে চেনিটাইজ কৰাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসমাজে ৷
লগতে পঢ়ক : লোক সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ দায়িত্ব বহন উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰৰ