ETV Bharat / state

Transport department guidelines : চিটীবাছত থাকিব লাগিব ই-টিকটৰ ব্যৱস্থা

author img

By

Published : Oct 15, 2022, 11:22 AM IST

১ নৱেম্বৰৰ পৰা চিটীবাছত ই-টিকটৰ ব্যৱস্থা বাধ্যতামূলক কৰিছে পৰিবহণ বিভাগে (E Ticket facility in Guwahati city bus)। নিৰ্ধাৰিত সময়ৰ ভিতৰত ই-টিকটৰ ব্যৱস্থা নকৰা চিটীবাছসমূহ পহিলা নৱেম্বৰৰ পৰা মহানগৰীত চলাচল কৰিব নোৱাৰিব । মহানগৰ জিলা পৰিবহণ বিভাগৰ পাইলট প্রজেক্ট হিচাপে চিটীবাছত ই-টিকটৰ ব্যৱস্থাৰ পৰীক্ষামূলকভাৱে কাম-কাজ আৰম্ভ ।

City bus
চিটীবাছত থাকিব লাগিব ই-টিকটৰ ব্যৱস্থা

গুৱাহাটী, ১৫ অক্টোবৰ : গুৱাহাটী মহানগৰীত অধিকাংশ লোকৰে যাতায়াতৰ মাধ্যম হৈছে চিটীবাছ সেৱা । সম্প্রতি গুৱাহাটী মহানগৰীত ছয় শতাধিক চিটীবাছ চলাচল কৰি আছে । শেহতীয়াকৈ পৰিবহণ বিভাগে অতি সংগোপনে চিটীবাছৰ ভাৰাবৃদ্ধিক বৈধতা প্ৰদান কৰিছে (Bus fare increase in Guwahati)। বিগত ১৪ ছেপ্টেম্বৰত পৰিবহণ বিভাগে আৰ টি এ/কে/এফএআই/০২/২৭-পি-১১/১৯৭৮ নম্বৰৰ এক অধিসূচনাৰ জৰিয়তে ভাৰা বৃদ্ধিৰ অনুমতি প্রদান কৰিছে ।

ভাৰা বৃদ্ধিৰ পাছতে এইবাৰ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে শুকুৰবাৰে এক নির্দেশনা যোগে ১ নৱেম্বৰৰ পৰা চিটীবাছত ই-টিকটৰ ব্যৱস্থা বাধ্যতামূলক কৰিছে (Transport department new regulation for city bus)। পৰিবহণ বিভাগে এক নির্দেশনাযোগে মহানগৰীত চলাচল কৰা চিটীবাছসমূহত ৩১ অক্টোবৰৰ ভিতৰত ই-টিকটিঙৰ ব্যৱস্থা কৰিবলৈ সময়সীমা বান্ধি দিছে । এই নিৰ্ধাৰিত সময়ৰ ভিতৰত ই-টিকটিঙৰ ব্যৱস্থা নকৰা চিটীবাছসমূহ পহিলা নৱেম্বৰৰ পৰা মহানগৰীত চলাচল কৰিব নোৱাৰিব ।

City bus
চিটীবাছত থাকিব লাগিব ই-টিকটৰ ব্যৱস্থা

ইতিমধ্যে মহানগৰ জিলা পৰিবহণ বিভাগে পাইলট প্রজেক্ট হিচাপে চিটীবাছত ই-টিকটৰ ব্যৱস্থাৰ পৰীক্ষামূলকভাৱে কাম-কাজ আৰম্ভ কৰিছে (E Ticket facility in Guwahati city bus )। এই পাইলট প্রজেক্টৰ অধীনত একাংশ চিটীবাছত ই-টিকটৰ ব্যৱস্থা কৰা হৈছে । মহানগৰ জিলা পৰিবহণ বিভাগৰ এক শীর্ষ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি আজিৰ তাৰিখলৈকে তিনি শতাধিক চিটীবাছত ই-টিকটৰ ব্যৱস্থা কৰা হৈছে । এতিয়াও শতাধিক চিটীবাছৰ মালিকে ই-টিকটৰ ব্যৱস্থা কৰাৰ বাবে আগবাঢ়ি অহা নাই ।

সেয়েহে অহা ৩১ অক্টোবৰৰ ভিতৰত চিটীবাছৰ মালিকসকলক ই-টিকটৰ ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ মহানগৰ জিলা পৰিবহণ বিভাগে আহ্বান জনাইছে । অন্যথা পহিলা নৱেম্বৰৰ পৰা ই-টিকটৰ ব্যৱস্থা নথকা চিটীবাছক মহানগৰীত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । যেতিয়ালৈকে ই-টিকটৰ ব্যৱস্থা চিটীবাছত উপলব্ধ নহ'ব, তেতিয়ালৈকে মহানগৰীৰ ৰাজপথত চিটীবাছসমূহ চলাচল কৰিব নোৱাৰিব ।

লক্ষণীয় যে মহানগৰীত সুচল যাতায়াত ব্যৱস্থা ৰাইজক প্রদান কৰিবলৈ বিভিন্ন সময়ত পৰিবহণ বিভাগে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । কিন্তু চমক সৃষ্টিৰ বাবে লোৱা এই পদক্ষেপ মাত্ৰ কেইদিনমানৰ পাছতে অচল মুদ্ৰাত পৰিণত হোৱা দেখা গৈছে । সেয়েহে পৰিবহণ বিভাগে পহিলা নৱেম্বৰৰ পৰা ই-টিকটৰ ব্যৱস্থা নথকা চিটীবাছৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যদিও কার্যক্ষেত্ৰত সেয়া কিমান ফলপ্রসূ হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :Public hearing at Majuli: মাজুলীৰ ফেৰীৰ ভাড়া বৃদ্ধিক লৈ শনিবাৰে ৰাজহুৱা শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.