ETV Bharat / state

City buses seized by transport department: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চিটি বাছ চালক, হেণ্ডিমেনৰ প্ৰতিবাদ - ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

গুৱাহাটী মহানগৰীৰ শতাধিক চিটি বাছ জব্দ কৰিলে পৰিবহণ বিভাগে (City buses seized by transport department) ৷ ইয়াৰ পিছতেই ক্ষুব্ধ চালক-হেণ্ডিমেনে অৱৰোধ কৰে বেটকুছিৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ঘাইপথচোৱা অৱৰোধৰ ফলত শুকুবাৰে নিশা বহু সময় ধৰি শ শ যান বাহন আৱদ্ধ হৈ থাকে ৰাষ্ট্ৰীয় ঘাইপথত ৷

City bus drivers blocked National Highway
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক চালক হেণ্ডিমেনে
author img

By

Published : Jan 7, 2023, 11:04 AM IST

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক চালক হেণ্ডিমেনে

গুৱাহাটী, ৭ জানুৱাৰী: নিশা স্তব্ধ হৈ পৰিল গুৱাহাটীৰ খানাপাৰা-জালুকবাৰী সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে শতাধিক চিটি বাছ চালক আৰু হেণ্ডিমেনে (City bus drivers blocked National Highway)। পৰিবহণ বিভাগৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে প্ৰতিবাদত নামিল চিটি বাছ চালক আৰু পৰিচালকসকল । প্ৰতিবাদকাৰী সকলৰ অভিযোগ, বিভিন্ন অজুহাত দেখুৱাই পৰিবহণ বিভাগে জব্দ কৰিছে শতাধিক চিটি বাছ‌ (Guwahati City buses seized by transport department)।

প্ৰতিবাদী চালকসকলে প্ৰকাশ কৰা অনুসৰি, শুকুৰাবাৰে সন্ধিয়া কোনো কাৰণ নোহোৱাকৈ এটা ঘন্টাৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা শতাধিক বাছ জব্দ কৰে পৰিবহণ বিভাগে (Transport department seized city Bus)। লগতে উল্লেখ কৰিলে, জব্দকৃত বাছসমূহৰ উপযুক্ত নথি পত্ৰ মজুদ থকাৰ লগতে সম্পূৰ্ণ নিয়ম মানি বাছ চলোৱাৰ পিছতো বাছসমূহ জব্দ কৰিছে পৰিবহণ বিভাগে । কিন্তু কি কাৰণত বাছসমূহ জব্দ কৰে সেই কথা সদৰী কৰা নাই পৰিবহণ বিভাগে ৷ ইয়াৰ পিছতে পৰিবহণ বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠে চিটি বাছৰ চালক আৰু হেণ্ডিমেনসকল ৷

লগতে পঢ়ক: Massive protest in Guwahati: একেদিনাই তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী

পিছত ক্ষোভিত হৈ শুকুৰবাৰে নিশা ৯ বজাত বেটকুছিস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথচোৱা অৱৰোধ কৰে বাছ চালক-হেণ্ডিমেনসকলে (Transport Officers Office of Betkuchi)। ঘাইপথচোৱা অৱৰোধৰ ফলত শুকুবাৰে নিশা বহু সময় ধৰি শ শ যান বাহন আৱদ্ধ হৈ থাকে ৰাষ্ট্ৰীয় ঘাইপথত ৷(City bus drivers blocked NH of Guwahati)।

প্ৰতিবাদী বাছ চালক হেণ্ডিমেনসকলে কয়, "দুই এখন বাছে কিবা ভুল কৰিব পাৰে । কিন্তু একেলগে এশ বাছে ভুল কৰিব পাৰে জানো । তথাপিতো যদিহে আমি কিবা ভুল কৰিছো, জৰিমনা বিহি আমাক যাবলৈ দিয়ক । আমি কেনেকৈ চলিম ? পুৱালৈ আমি বনভোজ যাত্ৰী লৈ যাব লাগিব । "

উল্লেখযোগ্য যে নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১০০ খন CNG চালিত আৰু ২০০ খন ইলেক্ট্ৰিকেল বাছ মুকলি কৰিছিল । এনে পৰিপেক্ষিতত পথত এই বাছসমূহ চলাবলৈ পুৰণি চিটি বাছসমূহক চৰকাৰে কৌশলেৰে জব্দ কৰিছে বুলিও অভিযোগ কৰে চালকসকলে ।

লগতে পঢ়ক: Road accident at Mangaldoi : মঙলদৈত মাটি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত নিহত দুই যুৱক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.