ETV Bharat / state

গুৱাহাটীত CITUৰ বিশাল সমাৱেশ - CITU to protest in Guwahati

গুৱাহাটীত ভাৰতীয় ট্ৰেড ইউনিয়নে বিশাল সমাৱেশৰ আয়োজন কৰে (CITU protest)। শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰায় ৫ হাজাৰ শ্ৰমিক সমবেত হয় এই সমাৱেশত । অহা ফেব্ৰুৱাৰীত দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে ।

CITU
গুৱাহাটীত CITUৰ বিশাল সমাৱেশ
author img

By

Published : Sep 1, 2022, 5:15 PM IST

গুৱাহাটী,১ ছেপ্টেম্বৰ : ভাৰতীয় ট্ৰেড ইউনিয়ন চমুকৈ CITU ৰ উদ্যোগত মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত বিশাল শ্ৰমিক সমাৱেশৰ আয়োজন কৰা হয় (CITU protest in Guwahati)। শ্ৰমিকৰ অধিকাৰ আৰু সুৰক্ষাৰ দাবীত আয়োজিত এই সমাৱেশত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৫০০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে । এই সমাৱেশত দেশৰ শ্ৰমজীৱী লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোকপাত কৰে শ্ৰমিক নেতাসকলে । সমাৱেশত সৰভোগ সমষ্টিৰ চিপিআই (এম)দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CITU অসম সমিতিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই অংশগ্ৰহণ কৰে ।

গুৱাহাটীত CITUৰ বিশাল সমাৱেশ

তেওঁলোকে ভাষণ প্ৰসংগত কয় যে সামান্য মাননিৰ বিনিময়ত কোনো সামাজিক সুৰক্ষা নোপোৱাকৈ ৰাজ্যত ২ লাখ ৭১ হাজাৰ আঁচনি ভুক্ত কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আছে । বিশেষকৈ চৰকাৰৰ শোষণ আৰু প্ৰৱঞ্চনাৰ বাবে সামান্য মাননিৰ বিনিময়ত অংগনৱাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মচাৰী, আশা কৰ্মীসকলে কাম কৰিব লগা হৈছে বুলি তেওঁলোকে অভিযোগ কৰে (CITU slams Govt)। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে শ্ৰমিকৰ সমস্যাক আওকাণ কৰি দেশৰ এটাৰ পিছত আনটো সম্পত্তি পুঁজিপতি গোষ্ঠীক গতাই দি দেশৰ অৰ্থনীতিত মোক্ষম আঘাত হানিছে বুলিও অভিযোগ কৰে ।

ইয়াৰোপৰি উদোগপতিক লাভান্বিত কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শ্ৰমজীৱী লোকক ভাতে মৰাৰ যি নীতি অৱলম্বন কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৱে । চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে CITUৰ উৎদোগত অহা ফেব্ৰুৱাৰী মাহত ৫০ হাজাৰ শ্ৰমিকক লৈ দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে (CITU to protest in Guwahati)। ইফালে সমাৱেশৰ অন্তত কেইবা দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিছপুৰ সংমণ্ডলৰ এচিপি হিমাংশু দাসৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

শ্ৰমিক সংগঠনটোৱে বিশেষকৈ শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২১ হাজাৰ টকা ধাৰ্য কৰা, অংগনৱাড়ী কর্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মীক মাননিৰ সলনি উপযুক্ত মজুৰি দিয়া, ন্যূনতম মজুৰি আইন আৰু ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ অনুসৰি চাহ শ্ৰমিকৰ দৈনিক হাজিৰা নিৰ্ধাৰণ কৰা, নিৰ্মাণ আৰু মটৰ শ্রমিকসহ সকলো শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা, ঠিকা শ্রমিকৰ সমান কামৰ সমান মজুৰি নিশ্চিত কৰা আদিকে ধৰি কেইবাটাও দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰে ।

লগতে পঢ়ক :মহানগৰীৰ নিচামুক্তি কেন্দ্ৰৰ ভিতৰচৰাত প্ৰকৃততে চলিছে কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.