ETV Bharat / state

শ্ৰমিকৰ মজুৰি বৃদ্ধি দাবীত গুৱাহাটীত চি আই টি ইউৰ প্ৰতিবাদ - শ্ৰম আয়ুক্তৰ কাৰ্যালয়

শ্ৰমিকৰ মজুৰি বৃদ্ধি দাবীত মঙলবাৰে চি আই টি ইউৱে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । গোপীনাথ নগৰৰ পৰা প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ সমদল উলিয়াই ৷ শ্ৰম আয়ুক্তক কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ৷

CITU protest
শ্ৰমিকৰ মজুৰি বৃদ্ধি দাবীত গুৱাহাটীত চি আই টি ইউৰ প্ৰতিবাদ
author img

By

Published : Nov 9, 2021, 10:43 PM IST

গুৱাহাটী, ৯ নৱেম্বৰ : শ্ৰমিকৰ ন্যূনতম মজুৰি ২১ হাজাৰ টকা ধাৰ্য কৰা, সমান কামত সমান মজুৰি প্ৰদান কৰা, আঁচনিভুক্ত শ্ৰমিক-কৰ্মচাৰীক মাননিৰ সলনি মজুৰি প্ৰদান কৰাৰ দাবীত চি আই টি ইউৱে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । গোপীনাথ নগৰৰ পৰা প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ সমদল উলিয়াই ৷ লগতে শাসক বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

শ্ৰমিকৰ মজুৰি বৃদ্ধি দাবীত গুৱাহাটীত চি আই টি ইউৰ প্ৰতিবাদ

উল্লেখ্য যে, চি আই টি ইউৰ প্ৰতিবাদকাৰী সকলে শ্ৰম আয়ুক্তক কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে, অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ৷ কিন্তু ইয়াৰ বিপৰীতে বৃদ্ধি হোৱাই শ্ৰমিকৰ মজুৰি ৷ ৬ বছৰ ধৰি এক পইচাও বঢ়া নাই আৰু বঢ়োৱাৰ কোনো ব্যৱস্থা কৰা নাই ।

"শ্ৰমিকৰ মজুৰি বঢ়ালে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পকেটৰ পৰা দিব নালাগে । মালিক গোষ্ঠীয়ে দিব লাগিব । অৰ্ডাৰ এখন লাগে, সেই অৰ্ডাৰ দিবলৈ কুণ্ঠাবোধ কৰি আছে । কিয়নো এই চৰকাৰ কৰ্পৰেটৰ দালাল, এই চৰকাৰ মালিক গোষ্ঠীৰ দালাল ।" এইদৰে মন্তব্য প্ৰকাশ কৰে তপন শৰ্মাই ৷ লগতে উপদেষ্টা কমিটীত ট্ৰেড ইউনিয়নৰ প্ৰতিনিধি ৰাখিবলৈ দাবী জনায় ।

উল্লেখ্য যে, শ্ৰমিক সকলৰ বাবে ন্যূনতম মজুৰি উপদেষ্টা কমিটীত হোৱা সিদ্ধান্ত অনুযায়ী ৫ বছৰৰ মূৰে মূৰে ঘোষণা কৰা হয় । কিন্তু বিগত সময়ত ২০১৫ চনৰ পৰা অসম চৰকাৰে ন্যূনতম মজুৰি সংক্ৰান্ত উপদেষ্টা কমিটি সভা অনুষ্ঠিত হোৱা নাই । যাৰ বাবে শ্ৰমিক সকলে আজিলেকে ২০১৫ চনতে ঘোষিত মজুৰি লৈ থাকিবলগীয়া গৈছে ।

লগতে পঢ়ক: বৰুৱা দম্পতীৰ হত্যাকাণ্ড : ৰহস্যজনকভাৱে সলনি হৈছে আৰক্ষী-অভিযুক্তৰ ভাষ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.