ETV Bharat / state

২০১৯ :"কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন - ঐতিহাসিক অসম আন্দোলন

নাগৰিকত্ব সংশোধনী আইন-2019, যি বছৰটোৰ শেষৰ ভাগলৈ  সমগ্ৰ অসমক এক অগ্নি উপত্যকালৈ পৰিণত কৰিলে। জাতি,মাটি ৰক্ষাৰ নামত ৰাজপথলৈ ওলাই আহিল সমগ্ৰ অসমৰ ৰাইজ ৷ পৰিণত হ'ল ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলন সেই ভয়াৱহ পৰিৱেশলৈ ৷ ৰাজপথত দাউ দাউকৈ জ্বলিল যান-বাহন,বিনষ্ট হ'ল বহু ৰাজহুৱা সা সম্পত্তি ৷ কেইদিন মানৰ বাবে সামগ্ৰিকভাৱে বন্ধ হৈ পৰিল চৰকাৰী কাৰ্যালয়,বিদ্যালয়, মহাবিদ্যালয়কে ধৰি অনুষ্ঠান প্ৰতিষ্ঠান৷

২০১৯ :"কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন

author img

By

Published : Dec 31, 2019, 8:30 AM IST

চাওতে চাওতে 2019 বৰ্ষই বিদায় ল'লে আমাৰ মাজৰ পৰা ৷ বিগত বছৰটোক বিদায় দি নতুনক আদৰাৰ সমান্তৰালভাৱে বিদায়ী বছৰটোৰ কেইটামান উল্লেখ যোগ্য ঘটনাই চুই গৈছে আপোনাক,মোক,সকলোকে ৷ পুৰণি বছৰটোৰ পোৱা নোপোৱাৰ হিচাপবোৰ যদি কৰা হয় তেনেহ'লে প্ৰতিজন ব্যক্তিৰে মনত সাঁচ বহুৱাই গৈছে নাগৰিকত্ব সংশোধনী আইনে ৷ কেৱল অসমেই নহয় সমগ্ৰ দেশতে নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত এক বৃহৎ ধুমুহাই কোবাই গ'ল সেয়া অনস্বীকাৰ্য ৷ এই ধুমুহাই জোকাৰি গ'ল অসমৰ ৰাজনীতি,সমাজ জীৱনকে ধৰি সৰ্বস্তৰৰ লোকক ৷

CITIZENAHIP AMENDMENT ACY AND ITS IMPACT ON ASSAM AND ASSAMESE SOCIETY ETV BHARAT
জাতি,মাটি ৰক্ষাৰ নামত ৰাজপথলৈ ওলাই আহিল সমগ্ৰ অসমৰ ৰাইজ
প্ৰতিজন অসমীয়াই নিজৰ ভাষাটো,জাতিটোৰ নিৰাপত্তা বিচাৰি ওলাই আহিল ৰাজপথলৈ ৷ এক কথাত অসমীয়াৰ ভৱিষ্যতৰ দুঃস্বপ্নৰে ভৰা এটা বছৰ ৷ এটা নাম নাগৰিকত্ব সংশোধনী আইন-2019

পুৰণি বছৰটোৰ পোৱা নোপোৱাৰ হিচাপ

যি বছৰটোৰ শেষৰ ভাগলৈ সমগ্ৰ অসমক এক অগ্নি উপত্যকালৈ পৰিণত কৰিলে। জাতি,মাটি ৰক্ষাৰ নামত ৰাজপথলৈ ওলাই আহিল সমগ্ৰ অসমৰ ৰাইজ ৷ পৰিণত হ'ল ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলন সেই ভয়াৱহ পৰিৱেশলৈ ৷ ৰাজপথত দাউ দাউকৈ জ্বলিল যান-বাহন,বিনষ্ট হ'ল বহু ৰাজহুৱা সা সম্পত্তি ৷ কেইদিন মানৰ বাবে সামগ্ৰিকভাৱে বন্ধ হৈ পৰিল চৰকাৰী কাৰ্যালয়,বিদ্যালয়, মহাবিদ্যালয়কে ধৰি অনুষ্ঠান প্ৰতিষ্ঠান৷

২০১৯ : "কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন
  • 9 ডিচেম্বৰঃ 311 টা ধ্বনি ভোটত লোকসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক
  • 11 ডিচেম্বৰঃ125 টা ধ্বনি ভোটত ৰাজ্যসভাত গৃহীত হয় নাগৰিকত্ব সংশোধনী বিধেয়ক

ইয়াৰ পিচতে অসমীয়া জাতি মাৰ বান্ধি ওলাই আহিল এই বিতৰ্কিত আইন খনৰ বিৰুদ্ধে ৷ আন্দোলন,ধৰ্ণা,গণ সত্যাগ্ৰহ সমগ্ৰতে ৷ জাতিটোক বচাবলৈ বুলি ৰাজপথলৈ ওলাই অহা অগণন লোক ঘূণীয়া হ'ল চৰকাৰী বাহিনীৰ আক্ৰমণত । গুৱাহাটী-ডিব্ৰুগড়ত শ্বহীদ হ'ল পাচজনকৈ আন্দোলনকাৰী ৷ অসমৰ ইতিহাসত যেন আকৌ নতুন ৰূপত ৰচনা হ'ল আন এখন চকৰীফেটী বুৰঞ্জী !

'কা'ই বছৰটোৰ শেষৰ ভাগলৈ সমগ্ৰ অসমক এক অগ্নি উপত্যকালৈ পৰিণত কৰিলে
২০১৯ বৰ্ষত অসমত আৰম্ভ হোৱা "কা" বিৰোধী আন্দোলন এই বিদায়ী বছৰটোৰ সবাতোকৈ বৃহৎ তথা ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হয়। অৱশ্যে বছৰটোৱে বিদায় ল'লে যদিও আন্দোলনৰ প্ৰভাৱ,শক্তি,উদ্যম কমা নাই । "কা" বিৰোধী এই আন্দোলনক কেন্দ্ৰ কৰি ২০১৯ বৰ্ষটোত আন বহুবিলাক আনুষংগিক ঘটনাও ঘটে । এসময়ত অসমীয়া মানুহে বুকুৰ তেজ ঢালি জন্ম দিয়া অসম গণ পৰিষদ নামৰ দলটোৱে "কা" ক সমৰ্থন কৰি আকৌ এবাৰ অসমবাসীক প্ৰতাৰণা কৰাৰ চাক্ষুস অভিজ্ঞতা পালে নতুন প্ৰজন্মই ৷ সমান্তৰালভাৱে কা বিৰোধী আন্দোলনত ভাগ লৈ কাৰাগাৰলৈ যাবলগীয়া হয় সংগঠনৰ বহু আন্দোলনকাৰী নেতা ৷ অনিশ্চিত ভৱিষ্যত,ৰাজনীতিৰ মেৰপাকত পৰা বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীয়ে এখন ধূসৰিত প্ৰতিচ্ছবিৰে বিদায় দিলে পুৰণি বছৰটোক ৷

লগতে চাওকঃ 2019বৰ্ষত বিশ্বৰ দৰবাৰত অসমীয়া ছবি

Intro:গুৱাহাটী, ২৬ ডিচেম্বৰ: এটা বছৰ শেষ হবলৈ মাজত মাত্ৰ কেইটামান দিন । ২০১৯ । কেলেণ্ডাৰৰ পৃষ্ঠাৰ পৰা চিৰকালৰ বাবে নাইকীয়া হৈ পৰিব এটা বছৰ । কিন্তু বিদায় লবলৈ ওলোৱা এই বছৰটোৱে সাংঘাতিক ধৰণে জোকাৰি থৈ গল অসমৰ ৰাজনীতি, সমাজ জীৱনকে ধৰি সৰ্বস্তৰৰ লোকক । বছৰটোৰ প্ৰথম ভাগ অসমৰ জনতাই শান্তিৰেই পাৰ কৰিছিল যদিও শেষৰ অংশ ইমানেই তিক্ততাদায়ক হৈ পৰিল যে অসমৰ জনতাই, প্ৰতিজন সচা অসমীয়াই নিজৰ ভাষাটোৰ, জাতিটোৰ নিৰাপত্তা বিচাৰি ৰাজপথলৈ ওলাই আহি চৰকাৰী বাহিনীৰ গুলি বুকু পাতি লবলগীয়া হ'ল । এককথাত ২০১৯ বৰ্ষটো অসমৰ বাবে, অসমীয়া জাতিটোৰ বাবে আছিল এক দূৰ্ভাগ্যৰ বছৰ ।

Body:নাগৰিকত্ব সংশোধনী বিধেয়ক, যি বছৰটোৰ শেষৰ ভাগলৈ নাগৰিকত্ব সংশোধনী আইনলৈ ৰূপান্তৰিত হ'ল, এই বিষয়টোৱেই আছিল বিদায় লবলৈ ওলোৱা বছৰটোৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয় । ২০১৯ তে অনুষ্ঠিত হৈছিল দেশৰ সাধাৰণ নিৰ্বাচন আৰু সেই নিৰ্বাচনৰ সময়তে বিজেপিয়ে তেওলোকৰ দলীয় ইস্তাহাৰত ঘোষণা কৰিছিল যে কেন্দ্ৰত যদিহে বিজেপিয়ে পুণৰবাৰ চৰকাৰ গঠন কৰে তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহিত কৰি বৰ্হিৰাষ্ট্ৰৰ নিৰ্যাতিত হিন্দুক ভাৰতত নাগৰিকত্ব প্ৰদান কৰিব । বিজেপিয়ে কেন্দ্ৰত প্ৰথমখন চৰকাৰ গঠন কৰিয়েই লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবলৈ সক্ষম হৈছিল যদিও মুখঠেকেচা খাবলগীয়া হৈছিল ৰাজ্যসভাত । সেয়ে ২০১৯ ত শাসনত বহিয়েই উভয় সদনত বিধেয়কখন গৃহিত কৰিব পৰাকৈ সকলো হিচাপ নিকাচ খুব নিখুঁত ভাবে কৰি পেলাইছিল বিজেপি দল আৰু চৰকাৰে । হয়তো দিল্লীৰ চৰকাৰখনে ভাবিছিল পূৰ্বৰবাৰৰ দৰে এইবাৰো ইয়াৰ বিৰোধিতা সাধাৰণ ভাবেই অসমত হব । কিন্তু দিল্লীয়ে ভবাৰ দৰে অসমত ঘটনাবোৰ নঘটিল । নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উল্থাপন হোৱাৰে পৰা আৰম্ভ কৰি ই আইনলৈ ৰূপান্তৰিত হোৱালৈকে সমগ্ৰ অসম এক অগ্নি উপত্যকালৈ পৰিণত হ'ল । জাতি, মাটি, ভাষা, কৃষ্টি, সংস্কৃতিৰ বিপদ দেখি সমগ্ৰ অসমীয়া জাতি এনেদৰে মাৰ বান্ধি ওলাই আহিল যাক তুলনা কৰিব পাৰি ১৯৭৯ ৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসম আন্দোলনৰ সৈতেহে । পাৰ্থক্য মাত্ৰ এটাই - অসম আন্দোলনৰ নিৰ্দিষ্ট নেতা আছিল আৰু বহু পৰিমাণে আবেগৰ দ্বাৰা পৰিচালিত হৈছিল সেই আন্দোলন । ২০১৯ ত কিন্তু তেনেকুৱা নহ'ল । সমগ্ৰ জাতিটো নিজৰ ভেটি, পিৰালি, আইৰ মুখৰ ভাষাটোক বচাবলৈ নিজেই ৰাজপথলৈ ওলাই আহিল । কোনো নেতাৰ প্ৰয়োজন নহ'ল । আবেগৰ পৰিবৰ্তে বিবেক আৰু যুক্তিৰে পৰিচালিত হ'ল ২০১৯ ৰ এই আন্দোলন । জাতিটোক বচাবলৈ বুলি ৰাজপথলৈ ওলাই অহা অগনন লোক চৰকাৰী বাহিনীৰ আক্ৰমনত ঘুনীয়া হ'ল । গুৱাহাটী আৰু ডিব্ৰুগড়ত শ্বহীদ হ'ল ফুলকুমলীয়া কিশোৰকে ধৰি পাচজনকৈ আন্দোলনকাৰী । অসমৰ ইতিহাসত যেন আকৌ নতুন ৰূপত ৰচনা হ'ল আন এখন চকৰীফেটী বুৰঞ্জী !

Conclusion:২০১৯ বৰ্ষত অসমত আৰম্ভ হোৱা "কা" বিৰোধী আন্দোলন এই বিদায়ী বছৰটোৰ সবাতোকৈ ডাঙৰ, ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ঘটনা । বছৰ শেষ হ'লেও আন্দোলনৰ প্ৰভাৱ, শক্তি, উদ্যম একোৱেই কিন্তু কমা নাই । হয়তো ২০২০ তো অব্যাহত থাকিব অসমীয়া জাতি ৰক্ষাৰ বাবে স্বত:স্ফুতভাবে আৰম্ভ হোৱা এই আন্দোলন । "কা" বিৰোধী এই আন্দোলনক কেন্দ্ৰ কৰি ২০১৯ বৰ্ষটোত আন বহুবিলাক আনুষংগিক ঘটনাও ঘটিল । এসময়ত অসমীয়া মানুহে বুকুৰ তেজ ঢালি জন্ম দিয়া অসম গণ পৰিষদ নামৰ দলটোৱে "কা" ক সমৰ্থন কৰি আকৌ এবাৰ অসমবাসীক প্ৰতাৰণা কৰিলে । অগপ এতিয়া অসমীয়া জাতিৰ শত্ৰু । এটা গণবিচ্ছিন্ন দল । এই "কা" ৰ আচিলা লৈয়ে এটা বহু পুৰণি গোচৰৰ ভিত্তিত চৰকাৰী যন্ত্ৰই অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰিলে । আন্দোলনক সমৰ্থন জনোৱা শিক্ষক, চৰকাৰী কৰ্মচাৰীৰ কন্ঠত চৰকাৰে হেচা মাৰি ধৰিলে, আন্দোলন স্তিমিত কৰিবলৈ চৰকাৰৰ ফালৰ পৰা প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰা হ'ল । মুঠতে এক দুৰ্ভাগ্য আৰু কলংকিত সময়ৰ সাক্ষী হৈ ৰল ২০১৯ বৰ্ষ ।

( প্ৰফুল্ল মহন্তৰ ইয়েৰ এণ্ডাৰ বাইট , মোৰ পি টি চি লাইভ ইউত গৈছে )
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.