গুৱাহাটী,26 ফেব্ৰুৱাৰীঃ কামাখ্যা মন্দিৰত উপস্থিত চি আই ডিৰ এটা বৃহৎ দল ৷ কামাখ্যা ধামৰ ৭,৬২,০৩,৪৯৮ কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ বাবে কামাখ্যাত উপস্থিত হয় চি আই ডিৰ দলটো ৷ পূৰ্বৰ দেবোত্তৰ ব’ৰ্ডৰ লগত জড়িত ব্যক্তিসকলৰ ঘৰে ঘৰে অভিযান চলায় চি আই ডিৰ দলটোৱে । পুৱাৰে পৰা চি আই ডিয়ে চলায় এই অভিযান ৷ কামাখ্য মন্দিৰৰ লগত জড়িত বুবুল শৰ্মা, অলকেষ শৰ্মা, জগদীশ ভাণ্ডাৰ কায়ছ, শৈলেন শৰ্মা, মোহিত শৰ্মা, ধীৰাজ শৰ্মাৰ ঘৰত চি আই ডিয়ে তালাচী চলায় । ইয়াৰ পূৰ্বেও ৰিজু শৰ্মা, প্ৰণৱ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহত তালাচী চলাইছিল দলটোৱে ৷
উল্লেখযোগ্য যে কামাখ্যা ধামত কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন তিনি মাহৰ ভিতৰতে উচ্চতম ন্যায়ালয়ক দাখিল কৰাৰ নিৰ্দেশ দিছিল চি আই ডিক। যাৰ বাবে প্ৰতিদিনে চি আই ডিয়ে ঘটনা সন্দৰ্ভত এনেদৰেই চলাই আছে অভিযান। তদন্তৰ পিছতহে শক্তিপীঠৰ উন্নয়নৰ ধন আত্মসাৎ কৰা সকলো তথ্য পোহৰলৈ অহাৰ সম্ভৱানা ৷
লগতে পঢ়ক-প্ৰহসনত পৰিণত হৈছে বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি