ETV Bharat / state

গুৱাহাটী মহানগৰীত চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - গুৱাহাটী মহানগৰীত চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ৰাজ্যজুৰি অসম মটৰ পৰিবহন সন্থাৰ আহ্বানত চকা বন্ধৰ কাৰ্যসূচী । কেইবাটাও দাবীৰে সোমবাৰৰ পৰা এই কাৰ্যসূচীৰ আয়োজন পৰিবহন সন্থাটোৰ ।

Choka bandh in Guwahati
গুৱাহাটী মহানগৰীত চকা বন্ধ
author img

By

Published : Oct 5, 2020, 5:29 PM IST

গুৱাহাটী, 5 অক্টোবৰ: সোমবাৰৰ পৰা ৰাজ্যজুৰি অসম মটৰ পৰিবহন সন্থাৰ আহ্বানত চকা বন্ধৰ কাৰ্যসূচী । কেইবাটাও দাবীৰে এই কাৰ্যসূচীৰ আয়োজন কৰে মটৰ পৰিবহন সন্থাই । চৰকাৰে দাবী মানি নোলোৱা পৰ্যন্ত চকা বন্ধ অব্যাহত ৰাখিব সন্থাটোৱে ।

ইয়াৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো চকা বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । উত্তৰ-পূৱৰ যাতায়াতৰ মূল প্ৰাণকেন্দ্ৰ জালুকবাৰী,আদাবাৰী,মালিগাঁৱতো চিটি বাছ,মেজিক তথা কোনো যাত্ৰীবাহী বাহন চলা নাই ।

গুৱাহাটী মহানগৰীত চকা বন্ধ

ইফালে ৰাইজৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক পৰিবহণ নিগমে গুৱাহাটীত 250 খনকৈ যাত্ৰীবাহী বাছ চলোৱাৰ ব্যৱস্থা কৰিছে। প্ৰয়োজন হ'লে আৰু অধিক বাছৰ ব্যৱস্থা কৰিব নিগমে। মটৰ পৰিবহন সন্থাক ৰাইজৰ অসুবিধা নোহোৱাকৈ পদক্ষেপ ল'বলৈ আহ্বান জনায় ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থা অসমৰ সাধাৰণ সম্পাদক দ্বীজেন লহকৰে। বৰ্তমান চকা বন্ধ হ'লে ৰাইজৰ সুবিধাৰ্থে পৰিবহন নিগমে পৰ্যাপ্ত ব্যৱস্থা ল'ব বুলি সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: পথ মেৰামতিৰ দাবীত নগাঁৱত সাংবাদিকৰ একক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.