ETV Bharat / state

ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ যুটীয়া সংবাদমেল - আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

কৰ'ণা ভাইৰাছৰ বাবে সাম্প্ৰতিক পৰিস্থিতিক লৈ বুধবাৰে জনতা ভৱনত যুটীয়াভাৱে এখন সংবাদমেল সন্মোধন কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

যুটীয়াভাৱে সংবাদমেল
যুটীয়াভাৱে সংবাদমেল
author img

By

Published : Mar 25, 2020, 7:46 PM IST

গুৱাহাটী, 25 মাৰ্চঃ বুধবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এখন যুটীয়া সংবাদমেল সম্বোধন কৰে ৷ অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ এই সংবাদমেল সন্মোধন কৰা হয় ৷ সংবাদমেলযোগে লক ডাউনৰ সময়ত সকলোকে নিয়ম মানি চলিবলৈ আহ্বান জনাই মুখ্য সচিব গৰাকীয়ে ৷ নিয়ম মানি নচলা সকলৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বুলিও জনায় সচিব গৰাকীয়ে ৷

লক ডাউনৰ সময়ত সকলোকে নিয়ম মানি চলিবলৈ আহ্বান

বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে 14 দিনৰ ক্যুৱাৰাইন্টাইন আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ তাৰ বাবে যিমান খৰচ হয় সেইসমূহ অসম চৰকাৰৰ তৰফৰ পৰা কৰা হ'ব বুলি জনায় ৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷

সীমান্ত আহি পোৱা লোকসকলৰ বাবে ক্যুৱাৰাইন্টাইনৰ ব্যৱস্থা কৰা হৈছে

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এই সমবাদমেলযোগে জনায় যে, লক ডাউনৰ সময়ত এই নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে আৰক্ষী বহু সময়ত কঠোৰ হ'বলগীয়া হৈছে ৷ এই ক্ষেত্ৰত যাতে অসমৰ ৰাইজে তেওঁলোকক সহযোগিতা কৰে তাৰ বাবেও আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ কাৰণ যিখন আইনৰ অধীনত এই লক ডাউন জাৰি কৰা হৈছে সেই আইন প্ৰথমবাৰৰ বাবে প্ৰণয়ন কৰা হৈছে ৷

লক ডাউনৰ সময়ত এই নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে আৰক্ষী বহু সময়ত কঠোৰ হ'বলগীয়া হৈছে

নিয়মীয়া বজাৰবোৰ পূৰ্বৰ দৰে ডাঙৰকৈ বহাৰ সলনি প্ৰতিখন দোকানৰ মাজত 100 মিটাৰ দূৰত্ব ৰখাৰ লগতে কেইখনমান দোকানহে দিব পাৰিব ৷ যিমান পাৰি বজাৰবোৰ সৰু কৰাৰ পৰামৰ্শ দিয়ে ভাস্কৰ জ্যোতি মহন্তই ৷

যিমান পাৰি বজাৰবোৰ সৰু কৰাৰ পৰামৰ্শ প্ৰদান কৰে ভাস্কৰ জ্যোতি মহন্তই

বস্তুৰ দাম যাতে বাঢ়িব নোৱাৰে তাৰ প্ৰতি ব্যৱস্থা লোৱা হ'ব ৷ লক ডাউন মানে সম্পূৰ্ণ লক ডাউন ৷ যিসকল বৰ্তমান সীমান্ত আহি পালে সেই সকলক ক্যুৱাৰাইন্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকল থাকি গ'ল তেওঁলোকক এতিয়া অনাৰ ব্যৱস্থা কৰিব নোৱাৰে ৷ তাৰ বিপৰীতে সেই ঠাইসমূহত থকা অসম ভৱনত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰা হ'ব ৷

14 দিনৰ বাবে যাতে ৰাইজৰ খাদ্যৰ কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হ'ব

লগতে পঢ়কঃ বিজেপিৰ লগত সহযোগিতা আগবঢ়াবলৈ সাজু কংগ্ৰেছ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.