ETV Bharat / state

কৰ'নাৰ আতংকঃ 29 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান

author img

By

Published : Mar 15, 2020, 2:36 PM IST

সকলো চৰকাৰী সভা বাতিলৰ লগতে ব্যক্তিগত সভা মিটিং বাতিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে। বজাৰৰ লগতে ৰাজহুৱা স্থান সমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিৰ্দেশ জিলা প্ৰশাসনক ।

CHIEF SECTARY PRESS MEET
29 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান

গুৱাহাটী, 15 মাৰ্চঃ ৰাজ্য চৰকাৰৰ মুখ্য সচিব সঞ্জয় কৃষ্ণাৰ গুৰুত্বপূৰ্ণ সংবাদমেল । ৰাজ্যৰ সকলো চৰকাৰী, তথা বেচৰকাৰী স্কুল, কলেজ , বিশ্ববিদ্যালয় আজিৰে পৰা 29 মাৰ্চলৈ বন্ধ থাকিব । খানাপাৰা স্থিত প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত এক সংবাদমেল যোগে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই । চি বি এছ চি আৰু বৰ্ড পৰীক্ষাৰ বাদে সকলো পৰীক্ষা বাতিল কৰাৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ । কেৱল শিক্ষানুষ্ঠানেই নহয় চুইমিং পুল, শৰীৰ চৰ্চা কেন্দ্ৰ, চিনেমা হল বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

আনহাতে সকলো চৰকাৰী সভা বাতিলৰ লগতে ব্যক্তিগত সভা মিটিং বাতিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে। বজাৰৰ লগতে ৰাজহুৱা স্থান সমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিৰ্দেশ জিলা প্ৰশাসনক ।

অসমত এই পৰ্যন্ত কোনো লোক ক'ৰণাত আক্রান্ত নহ'লেও সকলো ধৰণৰ সজাগতা মূলক ব্যবস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অসমত ক'ৰণা আক্ৰান্ত ৰোগীৰ বাবে 850 খন বিশেষ বিচনা সাজু কৰি ৰখাৰ লগতে ক'ৰণা আক্ৰান্ত ৰোগীৰ বাবে সুকীয়া আই চি ইউ খোলা হৈছে বুলি জানিবলৈ দিলে মুখ্য সচিব গৰাকীয়ে । লগতে 6 খন মেডিকেল কলেজ আৰু 25 খন হাস্পতালক কৰণাৰ বাবে সতৰ্ক হৈ থকাৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । আনহাতে ৰাজ্যত পৰ্যটকৰ সংখ্যা 30 ৰ পৰা 40 শতাংশ কম হৈছে বুলি জানিবলৈ দিলে মুখ্য সচিব গৰাকীয়ে । লগতে অসমলৈ অহা পৰ্যটকসকলক হাৰাশাস্তি নকৰিবলৈ আহ্বান মুখ্য সচিব গৰাকীৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.