ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি বিতৰ্কত মুখ্য সচিব জিষ্ণু বৰুৱা - ৰাজহুৱা স্বাৰ্থজনিত আবেদন

অন্যান্য প্ৰতিষেধক গ্ৰহণৰ দৰে ক'ভিড-১৯ ভেকচিন গ্ৰহণ কৰাটোও নাগৰিকৰ এক স্বেচ্ছামূলক কাম । দেশৰ উচ্চতম ন্যায়ালয়ৰ উপৰিও কেৰালা আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ শেহতীয়া তিনিটা ৰায়ে এই কথা পুনৰবাৰ দোহৰাৰ পিছতো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক ক'ভিড ভেকচিন লোৱাতো বাধ্যতামূলক কৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই সন্দৰ্ভত জাৰি কৰা এক নিৰ্দেশনাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

chief-secretary-jishnu-baruah-is-in-controversy
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি বিতৰ্কত মুখ্য সচিব জিষ্ণু বৰুৱা
author img

By

Published : Jun 24, 2021, 10:03 PM IST

গুৱাহাটী, 24 জুন : শৰীৰৰ চিকিৎসা বিষয়ক সিদ্ধান্ত নাগৰিকৰ একান্তই ব্যক্তিগত সিদ্ধান্ত । চিকিৎসাৰ পৰিণতিৰ ভাল-বেয়াৰ দায়িত্ব নাগৰিকে নিজে মূৰ পাতি লয় ৷ কিন্তু শেহতীয়াকৈ বুধবাৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এক নিৰ্দেশ (ASDMA.24/2020/156. 23 June 2021) যোগে স্পষ্ট কৰি দিছিল যে, ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰীয়ে কভিড-19 প্ৰতিষেধক গ্ৰহণ কৰা‌ নাই তেওঁলোকৰ দৰমহা কৰ্তন কৰা‌ হ'ব ৷ মুখ্য সচিব গৰাকীৰ এই নিৰ্দেশে সচেতন কৰ্মচাৰী তথা নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

এই নিৰ্দেশে প্ৰত্যক্ষভাৱে ভংগ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ এক উল্লেখনীয় ৰায় ৷ ক'ভিড-১৯ ৰ বিপৰীতে এতিয়াও পৰীক্ষামূলক অৱস্থাতে থকা প্ৰতিষেধক দেশবাসীৰ কাৰণে বাধ্যতামূলক হ'বনে বুলি প্ৰশ্ন উত্থাপিত হৈ‌ থকাৰ সময়তে প্ৰাসংগিক হৈ পৰিছে এক আবেদনৰ ৰায় । যোৱা মে' মাহত দাখিল হোৱা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ বিপৰীতে দিয়া ৰায়টোত উচ্চতম ন্যায়ালয়ে অতি স্পষ্টভাৱে কৈছে যে ''In addition to personal autonomy, other facets of human dignity, namely 'self expression' and 'right to determine' also support the argument that- it is the choice of the patient to receive or not to receive the treatment." ৷ অৰ্থাৎ নাগৰিকে কি প্ৰতিষেধক ল'ব বা‌ কি চিকিৎসা কৰাব সেয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত ।‌‌

chief-secretary-jishnu-baruah-is-in-controversy
বিতৰ্কত মুখ্য সচিব জিষ্ণু বৰুৱা

ক'ভিডৰ ভেকচিন সন্দৰ্ভত কেৰালা আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ দুখন বিচাৰপীঠে ইতিমধ্যে স্পষ্ট কৈ থৈছে যে, ক'ভিডৰ ভেকচিন গ্ৰহণ কৰাটো প্ৰতিজন নাগৰিকৰ স্বেচ্ছামূলক সিদ্ধান্ত ।‌‌

এই ভেকচিন লোৱাৰ বাবে কোনোৱে কাকো বাধ্য কৰিব নোৱাৰে । কেৱল সেয়ে নহয় ক'ভিডৰ ভেকচিন বিতৰ্কলৈ অহাৰ পিছত দীনেশ বাসুচাহেব সোলাংকি নামৰ এজন আৰটিআই‌ কৰ্মীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ত দাখিল কৰা‌ আৰটিআই (RTI)ৰ বিপৰীতে বিভাগটোৱে দিয়া উত্তৰ (A 60011/06/2020 CVAC) ত কোৱা হৈছে যে, ক'ভিডৰ ভেকচিন লোৱাৰ সিদ্ধান্ত নাগৰিকৰ নিজা সিদ্ধান্ত । এই ভেকচিনৰ বিপৰীতে যিহেতু ক্ষতিপূৰণৰ ব্যৱস্থা নাই সেয়েহে ভেকচিন বাধ্যতামূলক কৰাৰ প্ৰশ্ন নাহে ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিষয়টোক লৈ ইমানবোৰ চৰ্চা হোৱা‌ বা দেশৰ সৰ্ব্বোচ্চ বিচাৰ ব্যৱস্থাটোৱে ক'ভিড-১৯ স্বেচ্ছামূলক বুলি সকীয়াই দিয়াৰ পিছতো ৰাজ্যৰ মুখ্য সচিব গৰাকীয়ে কিয় ৰাজ্যৰ কৰ্মচাৰীয়ে ভেকচিন নল’লে দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ দিছে সেয়া আশ্বৰ্যজনক ।

লগতে পঢ়কঃ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে সৰভোগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.