ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক-হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক-হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষা কৰিহে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ৷ সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলক এই নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ৰাজ্যৰ কৃষকসকলৰ যাতে লক ডাউনৰ সময়ছোৱাত কোনোধৰণৰ অসুবিধা নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ ভিডিঅ' কনফাৰেন্স যোগে কঠোৰ নিৰ্দেশ সৰ্বানন্দ সোণোৱালৰ ৷

author img

By

Published : Apr 22, 2020, 12:15 PM IST

Chief Minister's Video Conference with DC and SP
বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকৰ চালক-হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 22 এপ্ৰিলঃ বহিঃৰাজ্যৰ পৰা অহা সকলো ট্ৰাকৰ চালক-হেণ্ডিমেনক শ্ৰীৰামপুৰ আৰু বক্সিৰহাটত প্ৰথমে স্বাস্থ্য পৰীক্ষা আৰু তাৰ পিছতহে অসমত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট জিলা দুখনৰ উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ মঙলবাৰে জনতা ভৱনত সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আন্তঃৰাজ্যিক সীমান্তৰ গাঁওসমূহত জনসাধাৰণৰ যাতে কোনোধৰণৰ অবাধ আহ-যাহ নহয় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ ইপিনে লক ডাউনৰ এই সময়ত ৰাজ্যৰ কোনো লোক যাতে ভোকে-লঘোণে থাকিবলগীয়া নহয় তাৰ প্ৰতিও সজাগ হৈ থকাৰ লগতে পোহনীয়া জীৱ-জন্তুক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তসকলক ৷ আনহাতে কৃষি কাৰ্যৰ বাবে যাওতে কোনো কৃষক যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় আৰু চৰকাৰে যোগান ধৰা ট্ৰেক্টৰসমূহ সঁচা অৰ্থত কৃষিকাৰ্যত ব্যৱহাৰ হয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈও ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জিলা উপায়ুক্তসকলক কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়কঃ ৰেপিড টেষ্ট কিটৰ ব্যৱহাৰ বন্ধ কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ ICMR ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.