গুৱাহাটী,17 ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ পল্টনবজাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা ২০১৯-২০২০ৰ সোমবাৰে সামৰণি পৰে ৷ ক্ৰীড়া প্ৰতিযোগিতাখনত দৌৰ, হাইজাম্প, লং জাম্প, জেভলিন, ডিচকাচ থ্ৰ'কে ধৰি বিভিন্ন এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সামৰণি অনুষ্ঠানত বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয় ৷ এই ক্ৰীড়া প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ এথলীটৰ খিতাপ অৰ্জন কৰে নলবাৰীৰ নিবেদিতা বৰ্মনে ৷ তাৰোপৰি সামগ্ৰিকভাৱে প্ৰতিযোগিতাখনিৰ ৰাৰ্ণাছ আপৰ খিতাপ তিনিচুকীয়া জিলাই লাভ কৰাৰ বিপৰীতে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে নলবাৰী জিলাই ৷
উল্লেখযোগ্য যে, ৰাজ্যৰ ৩২খনকৈ জিলাৰ তিনি শতাধিক মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত ৷ ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাসম্পন্ন মহিলাসকলক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতাৰ ৷ প্ৰতিবছৰে এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি জনায় ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব লক্ষ্য কোঁৱৰে ৷ আগন্তুক বৰ্ষত আৰু অধিক উন্নত ধৰণে অনুষ্ঠিত হ'ব বুলিও তেখেতে উল্লেখ কৰে ৷
লগতে পঢ়ক-নগাঁৱত ব্যক্তিগত বিদ্যালয়ত হৈছিল কি....আত্মহত্যা নে হত্যা !