গুৱাহাটী,৮ মাৰ্চঃ অসমৰ ৰাইজে পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ বিচাৰিছে। অসমৰ ৰাইজে ভোটৰ দিনটোৰ অপেক্ষাত আছে। সোমবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্রী সোণোৱালে কয়, বিভিন্ন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলি আছে। অপেক্ষা মাথো নিৰ্বাচনলৈ। পুনৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব । বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে বুলি মন্তব্য প্ৰকাশ কৰে সোণোৱালে ।
'বিৰোধীৰ পক্ষৰ বৰ্তমানৰ অৱস্থা ৰাইজে লক্ষ্য কৰিছে । যি দলৰ কোনো লক্ষ্য, ৰাজনৈতিক স্থিতি স্পষ্ট নহয় সেই দলে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰাৰ লগতে শান্তি আৰু উন্নয়ণ সাধিব নোৱাৰে ৷' সাংবাদিকক সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক: যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ