ETV Bharat / state

কিষাণ সন্মান নিধি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : May 18, 2020, 7:06 PM IST

প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ নামত সংঘটিত ব্যাপক কেলেংকাৰীৰ তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

গুৱাহাটী
কিষাণ সন্মান নিধি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

গুৱাহাটী, ১৮ মেঃ অৱশেষত প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ নামত সংঘটিত ব্যাপক কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোমবাৰে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে এই আঁচনিৰ বাবে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোত হোৱা কেলেংকাৰী বিশেষভাবে তদন্ত কৰিব ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণ কৰাৰ বাবেও সোমবাৰে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে । পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আঁচনিৰ ধন মোকলাই নিদিয়াৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

এই তদন্তত বিসংগতিপূৰ্ণ তালিকা প্ৰস্তুত কৰা তথা ইয়াৰ দায়িত্বত থকা বিষয়া তথা অন্যান্যসকলক জবাহদিহি কৰা ইত্যাদি সকলো দিশ সামৰি লোৱা হ'ব বুলিও উল্লেখ কৰে । এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে সৰ্বানন্দ সোণোৱালে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.