ETV Bharat / state

Assam electoral roll 2023: অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ ; মুঠ ভোটাৰৰ সংখ্যা 24111743গৰাকী

শুকুৰবাৰে প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি অসমত আছে মুঠ 24111743 গৰাকী ভোটাৰ ৷ অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তই প্ৰকাশ কৰিলে এই চূড়ান্ত ভোটাৰ তালিকা ৷ দুটা ৱেবচাইট যোগে ৰাইজে চাব পাৰিব ভোটাৰ তালিকাত নিজৰ নাম ৷

author img

By

Published : Jan 27, 2023, 8:03 PM IST

Assam electoral roll 2023
অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ ; মুঠ ভোটাৰৰ সংখ্যা 24111743গৰাকী

গুৱাহাটী, 27 জানুৱাৰী : শুকুৰবাৰে প্ৰকাশ পালে অসমৰ 126টা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা(Assam Electoral Roll) । অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তই(chief electoral officer) প্ৰকাশ কৰিলে 2023 চনৰ 1 জানুৱাৰীলৈকে চূড়ান্ত ভোটাৰ তালিকা ৷ প্ৰকাশিত এই তালিকা অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা 24111743 গৰাকী(Number of voters in Assam) ।

ইয়াৰ ভিতৰত 12128543 গৰাকী পুৰুষ ভোটাৰ(Male voters in Assam), 11982804 গৰাকী মহিলা ভোটাৰ(Female voters in Assam) আৰু তৃতীয় লিংগৰ ভোটাৰৰ(Third gender voters) সংখ্যা হ’ল 396 গৰাকী ৷ উল্লেখ্য যে, 2022 চনৰ 9 নৱেম্বৰত অসমৰ বাবে খচৰা ভোটাৰৰ তালিকা প্ৰকাশ হৈছিল য’ত ভোটাৰৰ সংখ্যা আছিল 23881196 গৰাকী ৷ ইয়াৰ পিচত 2022 চনৰ 9 নবেম্বৰৰ পৰা দাবী আৰু আপত্তি দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈ 2022 চনৰ 8 ডিচেম্বৰলৈকে চলিছিল(Assam Electoral Roll 2023) ৷

অৱশেষত 2023 চনৰ 10 জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি দাখিলৰ কাম সম্পূৰ্ণ হৈছিল । প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি 2023 চনৰ চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰ জনসংখ্যা অনুপাত (ইপিআৰ) 638 আৰু তালিকাৰ লিংগ অনুপাত (আৰজিআৰ) 988 । ইয়াৰ উপৰিও 18ৰ পৰা 19 বছৰ বয়সৰ ভিতৰৰ মুঠ ভোটাৰৰ সংখ্যা 401571 গৰাকী । 80 বছৰৰ উৰ্ধৰ মুঠ ভোটাৰৰ সংখ্যা 311032 গৰাকী ।

আনহাতে মুঠ প্ৰতিবন্ধী (PwD) ভোটাৰৰ সংখ্যা 169573 গৰাকী ৷ ইয়াৰে 86105 গৰাকী পুৰুষ , 83458গৰাকী মহিলা আৰু 10 গৰাকী তৃতীয় লিংগৰ লোক । সেৱা ভোটাৰৰ সংখ্যা 65716 গৰাকী ৷ ইয়াৰে 63979 গৰাকী পুৰুষ আৰু 1737 গৰাকী মহিলা ।

ৰাজ্যৰ ভোটাৰসকলে তেওঁলোকৰ সবিশেষ পৰীক্ষা কৰিব পাৰিব www.ceoassam.nic.in & www.nvsp ৱেৱছাইটত ৷ শুকুৰবাৰে মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাৰেই সংবাদ মাধ্যমক জনাইছে এই কথা ৷ কেৱল গুৱাহাটী মহানগৰীৰ চাৰিটা বিধান সভা সমষ্টিতে মুঠ ভোটাৰৰ সংখ্যা 1179467 গৰাকী ৷ ইয়াৰে 580231 গৰাকী পুৰুষ আৰু 599196 গৰাকী মহিলা ভোটাৰ আছে চাৰিওটা সমষ্টিত৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত মুঠ 206948 গৰাকী ভোটাৰ ৷ দিছপুৰ সমষ্টিত 423307 গৰাকী, পূৱ গুৱাহাটীত 243232 গৰাকী আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত 305980 গৰাকী ভোটাৰ আছে ৷

লগতে পঢ়ক: Asom Sahitya Sabha: GMDAৰ বিৰুদ্ধে সাহিত্য সভাৰ ভূমি বেদখলৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.