গুৱাহাটী, 3 মে' : আলোচনীখনৰ শততম বৰ্ষত শুকুৰবাৰে মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চেতনা ৭টা খণ্ডত উন্মোচন কৰা হয়৷ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞি। জাতীয় জীৱনৰ সংকট আৰু ভৱিষ্যতৰ কথা কিদৰে চেতনা আলোচনীৰ জৰিয়তে প্ৰতিফলিত হৈ আহিছে সেই কথা নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰখ্যাত সাহিত্যিকগৰাকীয়ে।
উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত থাকে লক্ষ্মীনাথ তামুলী, পৰমানন্দ ৰাজবংশী, ডা. জয়ন্ত শৰ্মা, ড. নিৰ্মল কুমাৰ চৌধুৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি৷