ETV Bharat / state

গুৱাহাটী মহানগৰীৰ জাৱৰৰ বোজা নলয় চন্দ্ৰপুৰবাসীয়ে

author img

By

Published : Jun 30, 2021, 9:45 PM IST

গুৱাহাটীৰ জাৱৰ পেলাব নোৱাৰে চন্দ্ৰপুৰত ৷ পঞ্চম দিনলৈ চন্দ্ৰপুৰত অব্যাহত ধাৰাবাহিক প্ৰতিবাদ ৷ ডাম্পিং গ্ৰাউণ্ড(dumping ground) স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ চন্দ্ৰপুৰবাসীৰ ৷

Chandrapur residents protest against dumping ground
চন্দ্ৰপুৰবাসীয়ে নহয় গুৱাহাটীৰ জাৱৰৰ বোজা

গুৱাহাটী, 30 জুন : চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) স্থাপনৰ বিৰুদ্ধে অব্যাহত আছে স্থানীয় লোকৰ প্ৰতিবাদ । চন্দ্ৰপুৰৰ স্থানীয় ৰাইজে বুধবাৰে পুৱা বন্ধ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ ওজৰ আপত্তিক একাষৰীয়া কৰি সোমবাৰে পুৱা চন্দ্ৰপুৰ (Chandrapur)ত উপস্থিত হৈছিল গুৱাহাটী পৌৰ নিগম (GMC)ৰ জাৱৰ ভৰ্তি ডাম্পাৰ । পৌৰ নিগম তথা আৰক্ষী প্ৰশাসনৰ সহযোগত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চন্দ্ৰপুৰত উপস্থিত হৈছিল জাৱৰ ভৰ্তি ডাম্পাৰকেইখন ।

সাতখনকৈ পৌৰ নিগমৰ ডাম্পাৰেৰে যুদ্ধসদৃশ পৰিৱেশৰ মাজেৰে চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্প (Chandrapur Thermal Power Plant)ত থকা আবাসীক এলেকালৈ নিয়া হৈছিল জাৱৰ ভৰ্তি গাড়ীসমূহ । মঙলবাৰে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে দোকান-পোহাৰ বন্ধ ৰাখি সাব্যস্ত কৰে প্ৰতিবাদ । কোনো কাৰণতে চন্দ্ৰপুৰত পৌৰ নিগম (Municipal Corporation)ৰ জাৱৰ পেলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ।

উল্লেখ্য যে, ২৬ জুনৰ পৰা চন্দ্রপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ । ২৬ জুনত নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও ৰাজ্যিক ঘাইপথ অৱৰোধৰ লগতে ২৮ জুনত ১০ ঘন্টীয়া অনশনৰ পাছতেই মঙলবাৰে পুনৰ ৰাইজে স্বতঃস্ফূৰ্তভাবে পালন কৰে বন্ধ ।

বুধবাৰে পুৱা স্থানীয় ৰাইজে বন্ধ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া আহি নিৰ্বাপিত কৰে টায়াৰ । বন্ধৰ সময়ছোৱাত চন্দ্ৰপুৰৰ পৰা মহানগৰীলৈ চলাচল কৰা সকলো যান-বাহনৰ চলাচল বন্ধ ৰাখে স্থানীয় ট্রেকাৰ সন্থাই ।

ইফালে, চন্দ্ৰপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক লোকৰ সমবেতত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উত্তাল প্ৰতিবাদৰ মাজতে চন্দ্ৰপুৰ অঞ্চলৰ প্ৰায় দহ সহস্ৰাধিক লোকৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰও স্থানীয় আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground)স্থাপন কৰাৰ বাবে বদ্ধ পৰিকৰ চৰকাৰ । সেয়েহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও ৰাজ্যিক ঘাইপথৰ দুয়োকাষে চন্দ্ৰপুৰৰ পৰা তাপবিদ্যুৎ প্ৰকল্প (Chandrapur Thermal Power Plant)ৰ আবাসস্থলীলৈ গঢ়া হৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ।

লগতে পঢ়ক : শিৱসাগৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দুভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.