গুৱাহাটী, 30 এপ্ৰিল : লক-ডাউনৰ মাজতে গুৱাহাটীৰ চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পাঁচটাকৈ চোৰক ৷ 27 এপ্ৰিলত শিলপুখুৰীস্থিত পঞ্চৱতী আশ্ৰমত চুৰি কাণ্ড সংঘটিত কৰিছিল ধৃত চোৰ কেইজনে ৷ ধৃত চোৰ কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে আশ্ৰম খনৰ বহু পুৰণি কাঁহ-পিতলৰ সামগ্ৰীৰ লগতে চাৰিটাকৈ ম'বাইল ফোন ৷ আৰক্ষীৰ জালত পৰা চোৰ কেইটা ক্ৰমে ছাফিকুল ইছলাম, মেহবুব আলী, জাহিৰুল আলী আৰু কাইম আলী বুলি জানিব পৰা গৈছে ৷ চান্দমাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি 29 এপ্ৰিলত গান্ধীবস্তি ৰেল লাইনৰ সমীপৰ পৰা চোৰ কেইটাক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখযোগ্য যে, সামগ্ৰী সমূহ গান্ধীবস্তিৰ ৰেল লাইনৰ সমীপৰ গোপন স্থানত লুকুৱাই ৰাখিছিল চোৰ কেইটাই ৷
লগতে পঢ়ক : দেশত ভয়াৱহ হাৰত বাল্য বিবাহ ! লকডাউনৰ সময়ৰ পৰিসংখ্যা আছিল ৮৯৮