ETV Bharat / state

Union Minister Sarbananda Sonowal: সুদক্ষিণা শৰ্মা-নীলপৱন বৰুৱাৰ স্বাস্থ্য বুজ ল’লে সোণোৱালে - চিত্ৰশিল্পী নীলপৱন বৰুৱা

বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত (Sudakshina Sharma and Neel Pawan Baruah in ICU) । দুয়োগৰাকী প্ৰথিতযশা শিল্পীৰ স্বাস্থ্যৰ বুজ ল’বলৈ মঙলবাৰে GMCH ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

sarbanda sonowal at gmch
Union Minister Sarbananda Sonowal: GMCH ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Oct 11, 2022, 4:56 PM IST

গুৱাহাটী, ১১ অক্টোবৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মঙলবাৰে হঠাৎ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Sudakshina Sharma and Neel Pawan Baruah in ICU) । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাৰ লগত কিছু সময় বাৰ্তালাপ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয় (Union Minister Sarbananda Sonowal in GMCH) ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ বুজ লৈ সাংবাদিক সকলৰ আগত কয় "সুদক্ষিণা শৰ্মা বাইদেউ অসুস্থ হৈ থকা স্বত্বেও এতিয়াও অদম্য মনোবলৰ অধিকাৰী । তেওঁৰ লগতে নীলপৱন বৰুৱাৰ আশু আৰোগ্য কামনা কৰিলোঁ ।"

তেওঁ লগতে কয় যে, দুয়োগৰাকী শিল্পী বৰ্তমান কিছু পৰিমাণে সুস্থ হৈছে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই (Neel Pawan Baruah in GMCH)।

Union Minister Sarbananda Sonowal: GMCH ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে, ২১ ছেপ্তেম্বৰত হঠাতে অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা (Prominent painter Neel Pawan Baruah) । কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২১ নিশাই ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত (Neel Pawan Baruah admitted in GMCH) । তেতিয়াৰে পৰা ICU তে চিকিৎসকৰ নিৰীক্ষণত আছে শিল্পীগৰাকী ।

বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে । বিশেষজ্ঞ চিকিৎসকৰ তত্বাবধানত চলাই থকা হৈছে চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ চিকিৎসা ।

ইফালে যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা (Renowned singer Sudakshina Sharma is ill) । ৭ অক্টোবৰত সুচাৰুৰূপে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল সুদক্ষিণা শৰ্মা ৰ(Sudakshina Sharma admitted in GMCH) ।

উল্লেখ্য যে, স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈছিল শিল্পী গৰাকী । পোনতে অস্ত্ৰোপচাৰ নকৰাকৈ ঠিক হৈ যাব বুলি চিকিৎসকে ভৰসা দিছিল যদিও পাছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে । বৰ্তমান কণ্ঠশিল্পীগৰাকীকো ICU তে চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে । বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে ।

লগতে পঢ়ক: ICUত ভৰ্তি বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.