গুৱাহাটী, ৭ জানুৱাৰী : "নমামি ব্ৰহ্মপুত্ৰ" আৰু "নমামি বৰাক" অনুষ্ঠিত কৰি ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাৰ পিচত এইবাৰ চৰকাৰ সাজু হৈছে বিশাল ব্ৰহ্মপুত্ৰৰ নামত আন এক বিশাল উৎসৱ পাতিবলৈ । অৱশ্যে এইবাৰ এই উৎসৱ ৰাজ্য চৰকাৰৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰেহে আয়োজন কৰিছে এই অনুষ্ঠান । নাম দিয়া হৈছে "ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ" ।
![brahmaputra amantran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10150007_thrgt.jpg)
ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত ব্ৰহ্মপুত্ৰৰ খ্যাতি, মাহাত্ম্য কেউদিশে বিয়পাই দিয়াৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে । ৯ জানুৱাৰীত তেজপুৰত আৰম্ভ হ’বলগীয়া এই উৎসৱ ২১ জানুৱাৰীত দক্ষিণ শালমাৰাত সামৰণি পৰিব ।
![brahmaputra amantran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10150007_hgre.jpg)
৯ জানুৱাৰীত তেজপুৰত, ১০ জানুৱাৰীত কাৰ্বি আংলঙত, ১১ জানুৱাৰীত দৰঙত, ১২ জানুৱাৰীত গুৱাহাটীৰ চন্দ্ৰপুৰত, ১৩ আৰু ১৪ জানুৱাৰীত গুৱাহাটী মহানগৰীত, ১৫ জানুৱাৰীত নলবাৰীত, ১৬ জানুৱাৰীত বৰপেটাত, ১৭ জানুৱাৰীত বঙাইগাঁৱত, ১৮ জানুৱাৰীত গোৱালপাৰাত, ১৯ জানুৱাৰীত দক্ষিণ শালমাৰাৰ খোদাই ধিলাত আৰু ২০ আৰু ২১ জানুৱাৰীত দক্ষিণ শালমাৰাৰ আছামেৰ আলগাত এই উৎসৱ অনুস্থিত হ’ব । ২১ জানুৱাৰীত আছামেৰ আলগা চৰত অনুষ্ঠিত হ’ব "ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ" ৰ সামৰণি অনুষ্ঠান ।
লগতে পঢ়ক : তিৱা পৰিষদলৈ পৰ্যাপ্ত পুঁজি আগবঢ়াব চৰকাৰে : ৰমাকান্ত দেউৰী