গুৱাহাটী, ১৪ আগষ্ট: ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন শাখাত কৰ্মৰত আৰক্ষী জোৱানলৈ কৰ্তব্য নিষ্ঠা আৰু সাহসীকতাৰ বাবে পদক ঘোষণা কৰিছে । অসমৰ ২১ গৰাকী আৰক্ষী জোৱানলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এই সন্মান । ইয়াৰে আঠজন আৰক্ষী বিষয়াই কৰ্তব্যক্ষেত্ৰত দেখুওৱা বীৰত্বৰ বাবে আৰক্ষী পদকৰ বাবে নিৰ্বাচিত হৈছে । তেৰজন আৰক্ষী বিষয়া আৰু জোৱানক মেধাৱী বিশেষ সেৱাৰ বাবে কেন্দ্ৰৰ আৰক্ষী পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে ।
আৰক্ষী পদক লাভ কৰা আৰক্ষী বিষয়াসকল হ'ল ক্ৰমে উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, উপ-পৰিদৰ্শক লাতুক দাস, উপ-পৰিদৰ্শক ৰিতুজ্যোতি নাথ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, উপ-পৰিদৰ্শক এম ব্ৰহ্ম, কনিষ্টবল চেমচন টাৰো, কনিষ্টবল জয় কিৰি টেৰন আৰু কনিষ্টবল নৱজ্যোতি ৰয় । ইপিনে মেধাৱী বিশেষ সেৱাৰ বাবে আৰক্ষী পদকৰে সন্মানিত হ'বলগীয়া তেৰজন আৰক্ষী বিষয়া হৈছে ক্ৰমে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, বাক্সা জিলাৰ অন্তৰ্গত শালবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপজ্যোতি দত্ত, মাইবং আৰক্ষী থানাৰ পৰিদৰ্শক দিপেন পাটৰ, দকুৰভিতা আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰাজকুমাৰ সিং, উলুবাৰী আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ উপ পৰিদৰ্শক কমলেশ্বৰ পাণ্ডে ৷
ইয়াৰ উপৰি অভয়াপুৰী আৰক্ষী থানাৰ হাবিলদাৰ দেবেন চন্দ্ৰ বৰা, মান্দাকাটাৰ উপ আৰক্ষী অধীক্ষ সতীশ কুমাৰ, কনিষ্টবল ইন্দ্ৰ দাস, অভয়পুৰী আৰক্ষী থানাৰ হাবিলদাৰ ৰজনী কলিতা বৰ্মন, দকুৰভিতা আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোৰঞ্জন কাকতি, কনিষ্টবল দিগন্ত বাগলাৰী, বঙাইগাঁও জিলা আৰক্ষী থানাৰ কনিষ্টবল নিৰালা বালা কাছাৰী, উপ পৰিদৰ্শক এইচ বিশ্ব চন্দ্ৰ সিনহাকো এই সন্মানেৰে সন্মানিত কৰা হ’ব ।
লগতে পঢ়ক: Home Ministers Medal of Excellence: অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়ালৈ গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ পদক