ETV Bharat / state

Oil palm in Assam: পৰিৱেশ ধ্বংস হ'লেও অসমত কৰা হ’ব সৰ্বনাশী পাম অইলৰ খেতি

author img

By

Published : Jan 13, 2023, 9:38 PM IST

অসমত পাম অইল খেতিৰ অগ্ৰগতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ভগৱন্ত খুবাই । অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াৰ সন্মূখত সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াক দিলে কেতবোৰ নিৰ্দেশনা । তেলবিধৰ অৰ্থনৈতিক লাভালাভৰ দিশটোৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশনা দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Oil palm in Assam
পৰিৱেশ ধ্বংস হ'লেও অসমত কৰা হ’ব সৰ্বনাশী পাম অইলৰ খেতি

গুৱাহাটী,১৩ জানুৱাৰী: ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ পাছতো অসমত পাম অইলৰ (তৈল খেজুৰ) খেতি কৰিবলৈ উঠিপৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ(Palm oil plantation in Assam) । ইয়াৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইফালে বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ পিচতো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই সৰ্বনাশী সিদ্ধান্তক সফল ৰূপ দিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

Oil palm in Assam
ৰাজ্যৰ দুই মন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী ভগৱন্ত খুবাৰ আলোচনা

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন-তৈল খেজুৰ(National Mission on Edible Oils) আঁচনিখনৰ জৰিয়তে দেশত ভোজ্য তেলৰ উপলব্ধতা বৃদ্ধিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে । অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে আজি জনতা ভৱনত কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক, নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই(Minister Bhagwanth Khuba) অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা(Minister Atul Bora) আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াৰ উপস্থিতিত সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে ।

বৈঠকত আঁচনিখনৰ অধীনত অসমত ভোজ্যতেলৰ গছৰ বাগিচা স্থাপনৰ দায়িত্বত থকা পতঞ্জলি ফুডছ লিমিটেড, গ'ডৰেজ এগ্ৰ’ভেট, ৩-এফ অইল পাম আৰু কে ই প্লেনটেচন প্ৰতিষ্ঠানকেইটাৰ প্ৰতিনিধিসকলক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এই তেলবিধৰ অৰ্থনৈতিক লাভালাভৰ দিশটোৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশনা দিয়ে(Centre To Grow Palm Oil Trees in Assam) । বৈঠকত অসমত সাৰৰ উপলব্ধতা সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক ৰাজ্যখনৰ কৃষকসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সাৰ যোগান সুনিশ্চিতকৰণৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই অনুৰোধ জনায়। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক সঁহাৰিৰ আগবঢ়ায় ।

আনহাতে, তিনিচুকীয়াৰ প্লাষ্টিক পাৰ্ক(Tinsukia Plastic Park) আদিকে ধৰি অসমৰ অন্যান্য ৰাসায়নিক উদ্যোগসমূহৰ বিকাশ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশো বৈঠকত আলোচনা কৰা হয় । বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম শৰণকুমাৰ সিং, উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ড৹ লক্ষ্মণন এছ, কৃষি বিভাগৰ সচিব তথা সঞ্চালক অনন্তলাল জ্ঞানীকে ধৰি অন্যান্য সংশ্লিষ্ট উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । উল্লেখ্য যে, বৈঠকত পাম অইলৰ খেতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেতবোৰ নিৰ্দেশ দিয়ে ।

লক্ষণীয় বিষয় যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ব্যাৱসায়িক ভিত্তিত সৰ্বনাশী পাম অইলৰ খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি বিশেষ পেকেজ ঘোষণা কৰাৰ পাছতেই অসমত খেতি কৰিবৰ বাবে আগবাঢ়ি আহিছে কেইবাটাও প্ৰতিষ্ঠান । বাবা ৰামদেৱৰ ৰুছি ছয়া প্ৰতিষ্ঠানৰ পাছত কেইবাটাও প্ৰতিষ্ঠান তথা কোম্পানীয়ে ৰাজ্যখনত পাম অইলৰ খেতি কৰিবৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে । অসমৰ লগতে মণিপুৰ আৰু ত্ৰিপুৰাত পাম অইলৰ খেতি কৰিব গডৰেজে। প্ৰায় এক লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে(Oil palm in Northeast) ।

প্ৰণিধানযোগ্য যে, পাম অইলৰ খেতিৰ বাবে প্ৰয়োজন হয় যথেষ্ট পৰিমাণৰ পানীৰ । যিহেতু মধ্য ভাৰতৰ ৰাজ্যসমূহত পানীৰ অভাৱ, সেয়েহে কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আন্দামানত এই খেতি কৰাৰ বাবে সিদ্ধান্ত লৈছে । ইতিমধ্যে কেন্দ্ৰই নেশ্যনেল মিছন ফৰ ইডিবল অইল-অইল পাম নামে এক অভিযান আৰম্ভ কৰি এই অভিযানৰ বাবে ১১,০৪০ কোটি টকা অনুমোদন দিছে । এই পুঁজিৰ ৫,৮৫০ কোটি টকা বিনিয়োগ কৰা হ'ব একমাত্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতে ।

সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ পুঁজিৰ প্ৰতি লক্ষ্য কৰিয়েই ইটোৰ পাছত সিটো কোম্পানীয়ে অসমত পাম অইলৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে । কিন্তু এই খেতিয়ে জৈৱ-বৈচিত্ৰৰ লগতে বনভূমিৰ ভীষণ ক্ষতি সাধন কৰিব বুলি পৰিৱেশবিদসকলে ইতিমধ্যেই সকীয়াই দিছে ।

পৰিবেশবিদসকলৰ মতে, পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিপন্ন কৰিব পৰা এই খেতিৰ ফলত মাটিৰ উৰ্বৰা শক্তি নাইকিয়া হয় । পাম গছবোৰে কাষৰ মাটিৰ পৰা খনিজাত পদাৰ্থ আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্যবোৰ শোষণ কৰে । ফলত কাষৰ অন্যান্য সকলো উদ্ভিদৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় । যিহেতু পাম খেতি কৰাৰ কাৰণে প্ৰথমে গছ-গছনি কাটি, মাটি পৰিষ্কাৰ কৰি ল'ব লাগে, যাৰ ফলত আন বহুতো সমস্যাৰ সৃষ্টি হয় ।

আনহাতে দৈনিক এজোপা পামগছক প্ৰায় দুশ লিটাৰ পানী লাগে । যাৰ ফলত ভূ-তলৰ জলচক্ৰ প্ৰভাৱান্বিত হয় আৰু ইয়াৰ ফলত সঘনাই বান বা খৰাং হোৱাৰ আশংকা থাকে । এনেবোৰ কাৰণতে বহুতো দেশে পাম খেতি কৰাটো বন্ধ কৰিছে । ভয়ংকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন দল-সংগঠনেও ৰাজ্যখনত পাম খেতি কৰাৰ বিৰোধিতা কৰি আহিছে । কিন্তু ৰাইজৰ এই দাবীক মুঠেই গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে ।

ইফালে কেন্দ্ৰৰ মতে পৰিচালিত হোৱা অসম চৰকাৰেও এই ক্ষেত্ৰত হাত উজান দিছে । উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ছয়গৰাকী লোকসভাৰ সাংসদে ইতিপূৰ্বেই ইয়াৰ বিৰোধিতা কৰি উত্তৰ-পূৰ্বাঞ্চলত পাম খেতি নকৰাৰ আহ্বান জনাই কেন্দ্ৰীয় কৃষি মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব নিদিলে ।

উল্লেখ্য যে, মালয়েছিয়া, ইণ্ডোনেছিয়া, পাপুৱা নিউ গিনিয়াৰ দৰে দেশে অইল পামৰ উৎপাদন কৰি যথেষ্ট পৰিৱেশগত লোকচানৰ সন্মুখীন হৈছে । এজোপা পৈণত তৈল-খেজুৰে দৈনিক তিনিশ লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ পানী শোষণ কৰাৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে বুলি পৰিৱেশবিদে আন্তঃৰাষ্ট্ৰীয় স্তৰত মত প্ৰকাশ কৰিছে৷ এনে স্থলত অসমৰ দৰে জৈৱ বৈচিত্ৰ সংবেদনশীল অঞ্চলত অইল পামৰ খেতি কিমানদূৰ লাভজনক হ’ব সেয়া আঁচনি কাৰ্যকৰীকৰণৰ পূৰ্বেই ব্যাপকভাৱে আলোচনা হোৱাৰ প্ৰয়োজন বুলি অসমৰ সচেতন মহলে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে ।

১৯৯০ চনৰ পৰা ২০১০ৰ ভিতৰত ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু পাপুৱা নিউ গিনিয়াত পাম তেলৰ কাৰণে কৰা ব্যাপক অৰণ্য ধ্বংসৰ ফলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ ৯২ ৰ পৰা ১,৯৮৪ টেৰাগ্ৰামলৈ প্ৰত্যেক বছৰে বৃদ্ধি পাইছিল । এই সময়ছোৱাত ৯.৬ মিলিয়ন হেক্টৰ মাটি পাম তেলৰ খেতিৰ কাৰণে নিৰ্বনানীকৰণ কৰা হৈছিল । অসমত ইতিমধ্যে ১৭ খন জিলা পাম তেলৰ খেতিৰ কাৰণে প্ৰাথমিকভাৱে অনুমোদিত হৈছে ।

এইক্ষেত্ৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ‘‘ভাৰত চৰকাৰে অসম তথা উত্তৰ -পূৰ্বাঞ্চলত তৈল খেজুৰ বা পাম অইলৰ খেতি কৰিবলৈ লোৱা সিদ্ধান্তই ভয়াৱহ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ । এই খেতি অসম বা উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণ হ'লে সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ ধ্বংস হৈ যাব । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰি পেলাব । ফলত বৃদ্ধি পাব গোলকীয় উষ্ণতা । আদ্ৰতা হ্ৰাস পাব আৰু ফলত কাজিৰঙা, মানস আদিৰো বিপন্ন হ’ব অস্তিত্ব ।’’

শ্ৰীলঙ্কাত কেইবছৰমান পূৰ্বে এই খেতি কৰিবলৈ লোৱা হৈছিল যদিও তাৰ ভয়ংকৰ প্ৰভাৱ দেখি ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে । আনহাতে দেশৰ ১১৭গৰাকী বিজ্ঞানীয়ে তৈল খেজুৰ খেতি বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো গুৰুত্ব দিয়া নহ'ল । অসমৰ বিভিন্ন দল-সংগঠনে পাম অইল খেতিৰ তীব্ৰ বিৰোধীতা কৰাৰ পাছতো কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অলপো গুৰত্ব নিদি নিজৰ সিদ্ধান্তত অটল হৈ লক্ষ্যৰ দিশে আগবাঢ়িছে ।

লগতে পঢ়ক: Meghalaya election 2023: অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে প্ৰাৰ্থী তালিকা প্ৰকাশ এনপিপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.