ETV Bharat / state

মালিগাঁৱত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন - গ্ৰন্থ উন্মোচন

মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী উপলক্ষে মালিগাঁও সাহিত্য সভাৰ উদ্যোগত দেওবাৰে মহানগৰীৰ মালিগাঁৱত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানতে মামণি ৰয়ছম গোস্বামীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যেৰে এখন বিশেষ গ্ৰন্থ উন্মোচন কৰা হয় ।

celebrating-the-ninth-death-anniversary-of-mamani-raisham-goswami-in-maligaon
মালিগাঁৱত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন
author img

By

Published : Nov 29, 2020, 10:26 PM IST

গুৱাহাটী, 29 নৱেম্বৰ : মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী উপলক্ষে মালিগাঁও সাহিত্য সভাৰ উদ্যোগত দেওবাৰে মহানগৰীৰ মালিগাঁৱত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰখ্যাত সাহিত্যিক গৰাকীৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ সৃষ্টিৰাজিৰ আলোকপাত কৰা হয় অনুষ্ঠানত ।

মালিগাঁৱত মামণি ৰয়ছম গোস্বামীৰ নৱম মৃত্যুবাৰ্ষিকী পালন

ইফালে, এই অনুষ্ঠানতে মামণি ৰয়ছম গোস্বামীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যেৰে এখন বিশেষ গ্ৰন্থ উন্মোচন কৰা হয় । বিশিষ্ট সাহিত্যিক গৰাকীৰ বিভিন্ন সৃষ্টিৰাজিক 'মহীয়সী' নামৰ গ্ৰন্থযোগে প্ৰকাশ কৰাৰ প্ৰচেষ্টা হাতত লৈছে মালিগাঁও সাহিত্য সভাই ৷ প্ৰিয়নাথ দত্তই লিখি উলিওৱা 'মহীয়সী'ৰ প্ৰথম খণ্ড দেওবাৰৰ সভাতে উন্মোচন কৰা হয় ।

উল্লেখযোগ্য যে, মামণি ৰয়ছম গোস্বামীক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যেৰে এনেদৰেই প্ৰতিবছৰে 29 নৱেম্বৰৰ দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে মালিগাঁও সাহিত্য সভাই ।

লগতে পঢ়ক : গগৈৰ অবৰ্তমানত কিদৰে আগুৱাব প্ৰদেশ কংগ্ৰেছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.