ETV Bharat / state

ঘোষ ব্ৰাডাৰ্ছ অটম'বাইলছৰ বিৰুদ্ধে বেংক জালিয়াতিৰ গোচৰ চিবিআইৰ

author img

By

Published : Jun 1, 2021, 9:26 PM IST

আই ডি বি আই বেংকৰ ১৬৮.৬২ কোটি টকা জালিয়াতি কৰাৰ অভিযোগত চি বি আইৰ গোচৰ ৰুজু । অভিযুক্ত কেইগৰাকী হৈছে প্ৰণব কুমাৰ ঘোষ, প্ৰতুল কুমাৰ ঘোষ, গীতা ৰাণী ঘোষ আৰু প্ৰবীৰ কুমাৰ ঘোষ । এই আটাকেইগৰাকীয়ে ঘোষ ব্ৰাডাৰ্ছ অটোম'বাইলছ প্ৰাইভেট কোম্পানীৰ প্ৰম’টাৰ-ডিৰেক্টৰ ।

cbi  register case against gosh brothers automobiles
ঘোষ ব্ৰাডাৰ্ছ অটম'বাইলছ কোম্পানীৰ বিৰুদ্ধে চিবিআইৰ বেংক জালিয়াতিৰ গোচৰ

গুৱাহাটী, ১ জুন : কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আইয়ে গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীৰ চাৰিগৰাকী প্ৰম’টাৰ আৰু ডিৰেক্টৰৰ লগতে এগৰাকী চাৰ্টাৰ্ড একাউন্টটেন্ট সহ অজ্ঞাত বেংক বিষয়া আৰু আন ব্যক্তিৰ বিৰুদ্ধে আই ডি বি আই বেংকৰ ১৬৮.৬২ কোটি টকা জালিয়াতি কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছে । বেংক কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ভিত্তিত চিবিআইয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

অভিযুক্ত কেইগৰাকী হৈছে প্ৰণব কুমাৰ ঘোষ, প্ৰতুল কুমাৰ ঘোষ, গীতা ৰাণী ঘোষ আৰু প্ৰবীৰ কুমাৰ ঘোষ । এই আটাই কেইগৰাকীয়ে ঘোষ ব্ৰাডাৰ্ছ অটোম'বাইলছ প্ৰাইভেট কোম্পানীৰ প্ৰম’টাৰ-ডিৰেক্টৰ । তদুপৰি তেওঁলোকৰ লগতে চাৰ্টাৰ্ড একাউন্টেন্ট অৰুণাভ চট্টোপাধ্যায় আৰু অজ্ঞাত বেংক বিষয়া তথা আন ব্যক্তিৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে ।

অভিযোগ অনুসৰি গুৱাহাটীৰ বেতকুছিস্থিত প্ৰাইভেট কোম্পানীটোলৈ গাড়ী ক্ৰয় কৰিবলৈ আই ডি বি আই বেংকৰ গুৱাহাটী শাখাৰ পৰা প্ৰায় ৬৪.৬৭কোটি টকাৰ জালিয়াতিৰে টাৰ্ম ঋণ আৰু নগদ ক্ৰেডিটৰ সুবিধা আগবঢ়োৱা হৈছিল । আনহাতে, অভিযোগ অনুসৰি অভিযুক্তকেইগৰাকীয়ে ভুৱা নথি দাখিল কৰি ঋণৰ সুবিধা গ্ৰহণ কৰিছিল আৰু লগতে অভিযুক্তই তেওঁলোকক যি উদ্দেশ্যত ঋণ দিছিল ৷ তাৰ বিপৰীতে আন কামত ব্যৱহাৰ কৰিছিল আৰু সেইদৰে ৩১ মে’লৈ বেংকৰ প্ৰায় ১৬৮.৬২কোটি টকা লোকচান কৰিছে ।

২০২০ চনৰ ১ জুলাইলৈ তেওঁলোকৰ অনাদায় ধনৰ পৰিমাণ আছিল প্ৰায় ১৫৩.৩৮কোটি টকা আৰু সেই একাউন্টটো বেংকৰ পাবলগীয়া ধন আদায় নিদিয়াৰ বাবে ন'ন পাৰ্ফৰ্মিং এছেট (এন পি এ) হৈছিল । সম্প্ৰতি সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই । শীঘ্ৰেই প্ৰৱঞ্চক কেইজন চিবিআইৰ জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: কৰ’ণা গ্ৰাসত ধেমাজিৰ একমাত্ৰ জৈৱিক ক্ষুদ্ৰ চাহ বাগিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.