ETV Bharat / state

যোৰাবাটত গ্ৰেপ্তাৰ দুই চোৰাং গৰু সৰবৰাহকাৰী

author img

By

Published : Oct 5, 2022, 8:28 PM IST

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং গৰু জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে (Cattle smuggler arrest in Assam) । কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই গৰুৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় ।

Cattle Smuggler arrested at Jorabat in Guwahati
যোৰাবাটত গ্ৰেপ্তাৰ দুই চোৰাং গৰু সৰবৰাহকাৰী

গুৱাহাটী, 5 অক্টোবৰ: কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো গুৱাহাটী মহানগৰীত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Guwahati)। প্ৰায়ে গুৱাহাটীত গ্ৰেপ্তাৰ হয় চোৰাং সৰবৰাহকাৰী । বুধবাৰেও আৰক্ষীয়ে চোৰাং গৰু জব্ধ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী । পূব গুৱাহাটী আৰক্ষী সংমণ্ডলৰ (East Guwahati Police Division) এটা দলে বুধবাৰে যোৰাবাট অঞ্চলৰ পৰা অবৈধভাৱে গৰু-ম’হ সৰবৰাহ কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰে ।

cattle_smugglers_arrested_in_jorabat

আৰক্ষীয়ে সদৰী কৰা মতে বশিষ্ঠ থানাৰ যোৰাবাট আৰক্ষী (Cattle Smuggler arrested at Jorabat in Guwahati) চকীৰ ই জি পি ডিৰ দলে যোৰাবাটত AS-01-EC-6384 নম্বৰৰ এখন টাটা ৪০৭ ট্ৰাক জব্দ কৰে । মৰিগাঁৱৰ পৰা বৰ্ণিহাটলৈ ১৪ টা গৰু সৰবৰাহ কৰিবলৈ গৈ থকাৰ সময়তে ট্ৰাকখন আৰক্ষীৰ হাতত ধৰা পৰে ।

অভিযান কালত আৰক্ষীয়ে ট্ৰাকখনত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোক দুজন লাডেন আলী আৰু মহিদুল আলী বুলি চিনাক্ত কৰা হৈছে । গ্ৰেপ্তাৰ হোৱা দুয়োজন মৰিগাঁৱৰ মিকিৰভাটাৰ বাসিন্দা । উল্লেখ্য যে উপযুক্ত নথি পত্ৰ তথা অনুমতি অবিহনে অসমৰ যিকোনো স্থানৰ পৰা আন স্থানলৈ গৰু সৰবৰাহ কৰিব নোৱাৰে ।

লগতে পঢ়ক:Operation against Gambler: ৰঙিয়াত আটক চাৰি জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.