ETV Bharat / state

Propaganda against Raghav: ৰাঘৱৰ অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু

ট্ৰ'লাৰৰ উৎপাতত অতিষ্ঠ টীম ৰাঘৱ । সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে এইবাৰ অসম আৰক্ষীৰ চাইবাৰ শাখাত গোচৰ তৰিলে ৰাঘৱৰ প্ৰযোজক নৱনীতা শৰ্মা বৰাই । সোধ-পোচৰ বাবে এজনক তলব ।

Case registered against those indulging in Raghavs propaganda
ৰাঘৱৰ অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:58 PM IST

Updated : Nov 9, 2023, 3:31 PM IST

গুৱাহাটী,৯ নৱেম্বৰ: বিতৰ্কৰ তুংগত নতুন অসমীয়া ছবি ৰাঘৱ । সামাজিক মাধ্যমত তুলা-ধূনা ৰাঘৱ তথা ৰাঘৱৰ নায়ক-পৰিচালকক যতীন বৰাক । ছবিখনৰ ট্ৰেইলৰ মুক্তিৰ পাছৰে পৰা ব্যাপক ট্ৰ'লৰ সন্মুখীন হৈছিল ছবিখন তথা পৰিচালক-প্ৰযোজক । বিভিন্ন কটু মন্তব্যৰে সমালোচনা কৰা পৰিলক্ষিত হৈছিল সামাজিক মাধ্যমত । ইয়াৰ মাজতে ট্ৰ'লাৰৰ বিৰুদ্ধে গোচৰ তৰিলে ৰাঘৱৰ প্ৰযোজকে ।

ৰাঘৱক লৈ সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে গোচৰ তৰিলে প্ৰযোজক নৱনীতা শৰ্মা বৰাই । অসম আৰক্ষীৰ চাইবাৰ শাখাত প্ৰযোজকে তিনিদিন পূৰ্বে দাখিল কৰা এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে ৰুজু কৰা হয় এটা গোচৰ । ৰাঘৱক লৈ ট্ৰ'ল কৰাসকলৰ বিৰুদ্ধে ১৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে । যোৱা ২৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিছিল অভিনেতা-পৰিচালক যতীন বৰাৰ শেহতীয়া ছবি ৰাঘৱ ৷

ৰাঘৱৰ মুক্তিৰ পূৰ্বৰে পৰা ছবিখনকলৈ একাংশ লোকে সামজিক মাধ্যমত নেতিবাচক মন্তব্য কৰা পৰিলক্ষিত হৈছিল । একাংশই ছবিখন বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল । যাৰ বাবে ছবিখন মুক্তিৰ প্ৰায় দুসপ্তাহ পিছত অসম আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হ'ল ছবিখনৰ প্রযোজক,পৰিচালক তথা মুখ্য অভিনেতা যতীন বৰা । প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে অসম আৰক্ষীৰ চাইবাৰ শাখাই ৰাঘৱকলৈ নেতিবাচক মন্তব্য আগবঢ়োৱা একাংশৰ এখন তালিকা প্ৰস্তুত কৰিছে ।

অতি শীঘ্ৰেই সেইসকল লোকক অসম আৰক্ষীয়ে তলব কৰাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে । জানিব পৰা অনুসৰি ধীৰু গগৈ নামৰ এজন লোকক সোধ-পোচৰ বাবে মাতি পঠিয়াইছে অসম আৰক্ষীৰ চাইবাৰ শাখাৰ কাৰ্যালয়লৈ । উল্লেখযোগ্য যে ৰাঘৱ মুক্তিৰ পিছতেই সামাজিক মাধ্যমত কা বিৰোধীসকলে চিনেমাখন বৰ্জন কৰিবলৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে কা সমৰ্থকে শিল্পী আৰু ৰাজনীতিক একাকাৰ নকৰিবলৈ আহ্বান কৰি ৰাঘৱক আঁকোৱালি ল'বলৈ মন্তব্য প্ৰকাশ কৰি অহা পৰিলক্ষিত হৈছে । ইফালে যতীন বৰাই গোচৰ ৰুজু কৰাৰ পিছতো এতিয়া সামাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক: Zubeen Garg hospitalised : হাস্পতালত ভৰ্তি জুবিন গাৰ্গ, জুবিনৰ স্বাস্থ্যৰ বিষয়ে জনালে চিকিৎসকে

Last Updated : Nov 9, 2023, 3:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.