গুৱাহাটী, 19 এপ্ৰিলঃ বাক্সা জিলাৰ বিদেশী ন্যায়াধীকৰণৰ সদস্য কমলেশ কুমাৰ গুপ্তাৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে। সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ গৰিয়া ছাত্ৰ পৰিষদৰ ৷
সম্প্ৰতি কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে দেশত সাম্প্ৰদায়িক শক্তিয়ে মূৰ দাঙি উঠিছে । বাক্সা জিলাৰ বিদেশী ন্যায়াধীকৰণৰ সদস্য কমলেশ কুমাৰ গুপ্তাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন বিশেষ পত্ৰৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ ৷ পত্ৰখনত গুপ্তাই চৰকাৰী ধনেৰে জামাতীসকলক চিকিৎসা নকৰিবলৈ কোৱা বুলি অভিযোগ কৰে গৰিয়া ছাত্ৰ পৰিষদে । লগতে জামাতীসকলক জেহাদীৰে তুলনা কৰে বুলিও আন এক অভিযোগ কৰে গুপ্তাৰ বিৰুদ্ধে ৷ দায়িত্বশীল বিষয়াগৰাকীৰ সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে গৰিয়া যুৱ ছাত্ৰ পৰিষদে । আনহাতে কমলেশ কুমাৰ গুপ্তাক বাক্সা জিলাৰ বিদেশী ন্যায়াধীকৰণৰ পৰা বহিস্কাৰ কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই সংগঠনটোৱে । ইফালে গুপ্তাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়টো অভিযোগ দাখিল কৰিছে সংগঠনটোৰ ভাৰপ্ৰাপ্ত কেন্দ্ৰীয় সভাপতি মকবুল হুছেইনে।
লগতে পঢ়ক- বিনা বেতনে তিনিমাহৰ বাবে নিলম্বন স্পাইছজেটৰ কৰ্মচাৰী!