ETV Bharat / state

৯০০ কোটিৰ হিচাপক লৈ দিছপুৰত হাহাকাৰ - বিধানসভা নিৰ্বাচন

নিযুক্তি কেলেংকাৰীয়ে জোলোকা জোলোকে দল আৰু চৰকাৰক পানী খুওৱাৰ পিছত এইবাৰ অথন্তৰ ঘটিছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগত । ২০১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰৰ ৪২ টা বিভাগে খৰচ কৰা ৯০০ কোটিৰো অধিক টকাৰ হিচাপ মিলাব পৰা নাই বিত্ত বিভাগে । যাৰ ফলত এতিয়া এই বৃহৎ ধনৰাশিৰ প্ৰতিটো পইচাৰ হিচাপ দাখিল কৰিবলৈ কেন্দ্ৰীয় মহাগাণনিকে নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক ।

cag
cag
author img

By

Published : Oct 30, 2020, 8:08 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ : বিধানসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই যেন ইটোৰ পিছত সিটোকৈ বিপদে ঘেৰি ধৰিছে বিজেপি দল আৰু চৰকাৰক । নিযুক্তি কেলেংকাৰীয়ে জোলোকা জোলোকে দল আৰু চৰকাৰক পানী খুওৱাৰ পিছত এইবাৰ অথন্তৰ ঘটিছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগত । ২০১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰৰ ৪২ টা বিভাগে খৰচ কৰা ৯০০ কোটিৰো অধিক টকাৰ হিচাপ মিলাব পৰা নাই বিত্ত বিভাগে । যাৰ ফলত এতিয়া এই বৃহৎ ধনৰাশিৰ প্ৰতিটো পইচাৰ হিচাপ দাখিল কৰিবলৈ কেন্দ্ৰীয় মহাগাণনিকে নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক । বিত্ত বিভাগৰ এক শীৰ্ষ সূত্ৰই শুকুৰবাৰে ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ।

cag
৯০০ কোটিৰ হিচাপক লৈ দিছপুৰত হাহাকাৰ

সূত্ৰটোৱে প্ৰকাশ কৰা মতে এই ৪২ টা বিভাগৰ ভিতৰত কৃষি বিভাগে ১,০১,৭৫০ টকা, উদ্যোগ আৰু বাণিজ্য বিভাগে ২,৩০,২০০ টকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ১,৪৫,১৭,১২,৯৭০ টকা, লোক নিৰ্মাণ (পূৰ্বৰ গড়কাপ্তানি) বিভাগে ২৫,৭০,২৩,০৫৮ টকা, তথ্য আৰু জনসংযোগ বিভাগে ২,৩০,২০০ টকা, স্বাস্থ্য বিভাগে ১,০৫,৯৬,৬৭,৩১৬ টকা, শিক্ষা বিভাগে ৮৫,২৮,৬৯,০০২ টকা, সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২,১২,৯৭,৮৫৪ টকা, সমবায় বিভাগে ১৫,০০০ টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগে ৪০০১ টকা, সমাজ কল্যাণ বিভাগে ৩৭,৫৩,১৯,৮৫৭ টকাৰ হিচাপ দাখিল কৰাত ব্যৰ্থ হৈছে ।

cag
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এয়া মাত্ৰ কেইটামান উদাহৰণহে । আনহে নালাগে, স্বয়ং মুখ্যমন্ত্ৰীৰ সচিবালয়ে ১,১৯,৫৬০ টকা, বিত্ত বিভাগে ৯৩,৩১,৯৫১ টকা, বিধানসভা সচিবালয়ে ২,১৬,৫০৮ টকা, ৰাজ্যপালৰ সচিবালয়েও ২০,৭৫,৭১৭ টকাৰ হিচাপ দিব পৰা নাই । এতিয়া ইয়াকে কেন্দ্ৰ কৰি দিছপুৰত এতিয়া হাহাকাৰ লাগিছে । এয়া কেৱল এটা বছৰৰ হিচাপহে । ২০১৬ চনৰ পৰা প্ৰায় ১৭ হাজাৰ কোটি টকাৰ হিচাপ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় মহাগাণনিকক দাখিল কৰিবলৈ বাকী আছে বুলি একেটা সূত্ৰই প্ৰকাশ কৰিছে ।

cag
হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : সোণোৱাল চৰকাৰক সমূলি ব্যৰ্থ হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা আপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.