ETV Bharat / state

চৰকাৰৰ ১০০ দিন : কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : Aug 20, 2021, 5:18 PM IST

ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ দশম শ্ৰেণীলৈ বাধ্যতামূলক কৰা হৈছে ভূগোল আৰু বুৰঞ্জী বিষয় ৷ একত্ৰীকৰণ হ'ব অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৷ অৰুনোদয় আঁচনিৰ ধন প্ৰতিমাহে ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি ৷ বাছ চালক আৰু হেণ্ডিমেনসকলৰ বাবে জনেপ্ৰতি ১০ হাজাৰ টকা আৰু পূজাৰী-নামঘৰীয়াৰ বাবে জনেপ্ৰতি ১৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা ৷

assam govt completes hundred days
বিজেপি চৰকাৰৰ 100 দিন

গুৱাহাটী , 20 আগষ্ট : বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে আজি ১০০ দিন সম্পূৰ্ণ কৰিলে ৷ মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে আজি অনুষ্ঠিত হোৱা চতুৰ্দশ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত ৷ গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষ্যে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ উল্লেখ কৰে ৷ সেই অনুসৰি এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত দশম শ্ৰেণীলৈ ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক হ’ব ৷ শৈক্ষিক পাঠ্যসূচীত অন্তৰ্ভুক্ত হ'ব ভূগোল আৰু বুৰঞ্জী ৷ আনহাতে আগন্তুক বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব পাঠদান ৷

লগতে পঢ়ক : বিধায়কৰ যতন ল’বলৈ ২৪ ঘন্টাই দিছপুৰত থাকিব ডাক্তৰ-নাৰ্চ

এই ব্যৱস্থাৰ বাবে বিদ্যালয় একত্ৰিকৰণ আৰু অন্যান্য প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে ৷ সেইদৰে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিকৰণ কৰা হ’ব ৷

প্ৰতিমাহে একোখন জিলাৰ সদৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷ এই কেবিনেট বৈঠকৰ বাবে পথেৰে অহা-যোৱা কৰাৰ সময়ত মন্ত্ৰীসকলে দুখনকৈ মুঠ চাৰিখন জিলাক স্পৰ্শ কৰি যাব ৷ ইয়াৰ অংশ হিচাপে ছেপ্টেম্বৰ মাহত ধেমাজিত অনুষ্ঠিত হ’ব প্ৰথমখন কেবিনেট বৈঠক ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি আগন্তুক ছমাহ নাইবা এবছৰৰ ভিতৰত গুৱাহাটীত কেৱল ইলেকট্ৰিক আৰু চি এন জি বাছ চলিব ৷

লগতে পঢ়ক : উচ্চ শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা

প্ৰথম পৰ্যায়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহক এই ব্যৱস্থাত সামৰি লোৱা হ'ব ৷ পৰৱৰ্তী সময়ত বাকী সকলো কৰা হ'ব ৷ এএছটিচিয়ে কোনো পেট্ৰ’ল নাইবা ডিজেল ইঞ্জিনৰ বাছ নচলাই ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২০০ খন ইলেকট্ৰিক বাছ আৰু ১০০ খন চিএনজি বাছ ক্ৰয় কৰিব ৷ আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি 'অৰুনোদয়' আঁচনিৰ ধন প্ৰতিমাহে ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে ৷

সেইদৰে আন্তঃজিলা বাছ সেৱা বন্ধ হৈ থকাৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা বাছৰ চালক আৰু হেণ্ডিমেনসকলৰ বাবে কেবিনেটে পেকেজ ঘোষণা কৰিছে ৷ সেই অনুসৰি, বাছ চালক আৰু হেণ্ডিমেনসকলক ৰাজ্য চৰকাৰে ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ৷ ইয়াৰ দ্বাৰা ৬০ হাজাৰ লোক উপকৃত হ'ব ৷ এই সাহায্য প্ৰদানৰ বাবে পৰিবহন বিভাগে এটা পৰ্টেল মুকলি কৰিব ৷ আনহাতে মন্দিৰৰ পূজাৰী আৰু নামঘৰৰ নামঘৰীয়াক চৰকাৰে ১৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিব ৷

লগতে পঢ়ক : যোগীৰ আৰ্হিৰে জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ খচৰা অসম চৰকাৰৰ

ইফালে কলা-কুশলী, পদপথৰ ব্যৱসায়ী, মাইকৰ মানুহ তথা টেণ্ট হাউচৰ ব্যৱসায়ীকো অতি সোনকালে সাহায্য দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷ সংবাদমেলত চৰকাৰৰ ১০০ দিন উপলক্ষে প্ৰকাশ কৰা ‘অনিৰুদ্ধ যাত্ৰাৰ ১০০ দিন’ শীৰ্ষক বিশেষ পত্ৰিকা মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰখনৰ বিগত ১০০ টা দিনৰ কামকাজৰ খতিয়ান দাঙি ধৰে ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, "চৰকাৰে লোৱা সিদ্ধান্তই ৰাইজক স্পৰ্শ কৰিছে ৷ ১০ মে’ৰ পৰ ১৯ আগষ্ট পৰ্যন্ত ১, ২১, ৫৯, ১৬২ গৰাকী লোকক আমি ভেকচিন দিবলৈ সক্ষম হৈছো ৷ প্ৰতিদিনে প্ৰায় ডেৰ লাখ লোকক ভেকচিন দিব পাৰিছো ৷ এতিয়া ভেকচিন নষ্ট হোৱা নাই ৷ বৰং ৰাহি কৰি অতিৰিক্তভাৱে ৫ লাখ লোকক দিবলৈ সক্ষম হৈছো ৷ বিগত তিনিমাহত ক'ভিডৰ সংক্ৰমন ১ শতাংশৰ তললৈ নামিছে ৷ কৰ'ণাৰ দ্বিতীয় ঢৌক আমি নিয়ন্ত্ৰণ কৰিব পাৰিছো আৰু তৃতীয় ঢৌৰে মোকাবিলা কৰিবৰ বাবে সাজু হ'ব পাৰিছো" ৷

লগতে পঢ়ক : চাকৰি: ১ লাখ ৪৩ টা চৰকাৰী পদৰ তালিকা সাজু দিছপুৰত

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "একলাখ নিযুক্তি প্ৰক্ৰিয়াৰ দিশে আমি অগ্ৰসৰ হব'লৈ সক্ষম হৈছো ৷ আজিৰ পৰা এই প্ৰক্ৰিয়াৰ আৰম্ভণী হ’ব ৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰিবৰ বাবে শনিবাৰে কোম্পানীসমূহৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব ৷ এনএলএফবিক মূলসুঁতিলৈ অনাটো আমাৰ সফলতা ৷ কুকি উগ্ৰপন্থীয়েও সম্পূৰ্ণৰূপে অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ আহিব" ৷ প্ৰধানমন্ত্ৰী আবাস নিৰ্মাণ যোজনাৰ অধীনত ৩১ মাৰ্চৰ পূৰ্বে ৭ লাখ ঘৰ নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত সময়ত ৰাজ্যৰ বিদ্যুৎ খণ্ডত আমূল পৰিবৰ্তন হৈছে ৷ এপিডিচিএলে প্ৰতিমাহে ৬৫০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ সীমা সমস্যাৰ সমাধানৰ বাবে মেঘালয় আৰু নাগালেণ্ডৰ লগত ইতিবাচক আলোচনা চলিছে" ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয় নাথুৰাম গড্ছে আখ্যা অখিল গগৈৰ

১০০ দিনৰ উন্নয়ণৰ খতিয়ান দাঙি ধৰি গুৱাহাটীত তিনিখন উদ্যানৰ কাম আৰম্ভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ বিটিচি অঞ্চললৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সফল হৈছে বুলিও ড৹ শৰ্মাই দাবী কৰে ৷ তেওঁ কয় যে, "কৃষি ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ’বলৈ আগবাঢ়িছো ৷ ৬ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ ৰাজ্যৰ বিত্তীয় শক্তি যথেষ্ট বৃদ্ধি হৈছে ৷ দেশৰ ভিতৰতে বিত্তীয় ক্ষেত্ৰত শক্তিশালী হৈছে অসম ৷ বিগত এশ দিনত ৰাজ্যিক কেবিনেটে ৪০০ তকৈ অধিক সিদ্ধান্ত লবলৈ সক্ষম হৈছে" ৷ সংবাদমেলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, ৰঞ্জিৎ দাস, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰিও কেইবাগৰাকী মন্ত্ৰী উপস্থিত আছিল ৷

লগতে পঢ়ক : তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.