ETV Bharat / state

বি পি এফৰ তিনি মন্ত্ৰী অবিহনে অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন - শিক্ষানীতি

বিটিচি নিৰ্বাচনৰ ফলাফলৰ পৰৱৰ্তী দিনাই অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ বি পি এফৰ তিনি মন্ত্ৰী অবিহনে অনুষ্ঠিত হয় বৈঠক ৷ কেবিনেটত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

cabinet-meeting-of-assam-government-concluded-without-three-bpf-ministers
অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন
author img

By

Published : Dec 13, 2020, 8:15 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ কৰাৰ পৰৱৰ্তী দিনৰ দিনাই বি পি এফৰ তিনি মন্ত্ৰীৰ অনুপস্থিতিত অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন হয় ৷ কেবিনেট বৈঠকত কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, চৰকাৰী বন্ধ 34 দিন আৰু ৰেষ্ট্ৰিকটেড বন্ধ 31 দিনলৈ ধাৰ্য কৰা হৈছে ৷ ইফালে, বান গৰাখহনীয়াত খেতি-মাটি, বাসগৃহ ক্ষতিগ্ৰস্তসকলে লাভ কৰিব 5 লাখ টকা ৷ বানপানী-গৰাখহনীয়াত বাসগৃহ ক্ষতিগ্ৰস্ত হলে 1.5 লাখ টকা আৰু খেতি-মাটি নদীত জাহ গলে লাভ কৰিব 1 লাখ টকা ৷

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য

চাহ বাগিছাৰ শ্ৰমিক তথা উন্নয়নৰ বাবেও কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চাহ বাগিচাত ৰূপায়িত হোৱা আঁচনি পৰ্যবেক্ষণৰ বাবে PMU গঠন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে, মিৰি জনগোষ্ঠী হিচাপে থকা জনগোষ্ঠীটোক এতিয়াৰ পৰা মিচিং জনগোষ্ঠী হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : 15 ডিচেম্বৰত দীঘলীপুখুৰীত অনশন কাৰ্যসূচী ৰূপায়ন কৰিব অ'লা-উবেৰ চালক সন্থাই

ইফালে, মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠান সমূহ পৰিচালনাৰ বাবে গঠন কৰা হ'ব নতুন আইন ৷ লগতে, মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠান সমূহ RBI ৰ নীতি-নিৰ্দেশনাৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হ'ব ৷

আনহাতে, আগন্তক বিধানসভাত মাদ্ৰাছা আৰু সংস্কৃত টোলৰ বাবে বিশেষ আইন উত্থাপন কৰাৰ লগতে শিক্ষানীতিৰ কিছু সংশোধন কৰি ধৰ্ম নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ৰাজ্যৰ কৃষক সকলৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেবিনেটত ৷ এগ্ৰিকালচাৰ ইনকাম টেক্স আৰু অগৰুৰ খেতিৰ বাবেও নতুন আঁচনি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সিদ্ধান্ত অনুসৰি, বৰ্তমানৰ পৰা এই ব্যৱসায়ত কোনো মধ্যভোগী নাথাকিব ৷

ইফালে, ব্যক্তিগত শিক্ষানুষ্ঠান সমূহে শিক্ষানুষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰত অনলাইনযোগে চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি দেওবাৰৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : বৰপেটাত গুডামতে নষ্ট হৈ গ'ল বৃহৎ পৰিমাণৰ শিশু খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.