ETV Bharat / state

বুধবাৰে মোডী মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা

দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত লোৱা মোডী মন্ত্ৰীসভাৰ এয়া হ’ব প্ৰথমটো সম্প্ৰসাৰণ (PM Narendra Modi cabinet expansion) । নতুন মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) ৰ অন্তৰ্ভুক্তি নিশ্চিত হৈছে ।

author img

By

Published : Jul 6, 2021, 10:04 AM IST

Updated : Jul 6, 2021, 12:47 PM IST

বুধবাৰে মোদী মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা

গুৱাহাটী, 6 জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)য়ে বুধবাৰে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । সোমবাৰে নিশা দিল্লীৰ পৰা ৰাষ্ট্ৰীয় বিজেপিৰ এক শীৰ্ষ সূত্ৰই এই সম্ভাৱনা ব্যক্ত কৰে । নতুন মন্ত্ৰীসভাত প্ৰায় 20 গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্তিৰ সম্ভাৱনা আছে ৷ নতুন মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ অন্তৰ্ভুক্তি নিশ্চিত হৈছে ।

উল্লেখযোগ্য যে, দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত লোৱা মোডীৰ মন্ত্ৰীসভাৰ এয়া হ’ব প্ৰথমটো সম্প্ৰসাৰণ (Cabinet expansion of PM Narendra Modi) । ৰাজনৈতিক মহলত ইতিমধ্যে এই আসন্ন সম্প্ৰসাৰণক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ উত্তৰ প্ৰদেশৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচন (UP Legislative Assembly Election)ৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে বুলি চৰ্চা চলিছে ।

বৰ্তমান মোডী মন্ত্ৰীসভা (PM Narendra Modi cabinet)ত উত্তৰ প্ৰদেশৰ দহগৰাকী মন্ত্ৰী আছে । এই সংখ্যা এইবাৰ পোন্ধৰজনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ বুধবাৰৰ এই সম্প্ৰসাৰণত সোণোৱালে (Sarbananda Sonowal) কি দপ্তৰ লাভ কৰিব পাৰে তাকে লৈহে এতিয়া ৰাজ্যৰ ৰাজনীতিত জল্পনা-কল্পনা চলিছে ৷

দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে মোডীয়ে 57 গৰাকী মন্ত্ৰীৰে মন্ত্ৰীসভাখন গঠন কৰিছিল ৷ কিন্তু ইতিমধ্যে ইয়াৰে দুগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰাৰ লগতে দুগৰাকী মন্ত্ৰীৰ মৃত্যু হোৱাত সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আকাৰ হৈছে 53 জনীয়া ৷ ইপিনে চলিত মাহতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ (cabinet expansion) ঘটাই যি কেইগৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে, সেইসকলৰ ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সৰ্বাধিক চৰ্চাত থকাসকল হ'ল কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া মধ্যপ্ৰদেশৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia), বিজু জনতা দল ত্যাগ কৰি বিজেপিলৈ অহা ওড়িশাৰ সাংসদ বৈজয়ন্ত জয় পাণ্ডা (Baijayant J Panda) আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ (Devendra Fadnavis) ৷

লগতে পঢ়ক : লোকসেৱা কেলেংকাৰী: ন্যায়াধীশ শৰ্মা আয়োগক লিখিত উত্তৰ জনালে তিনি বিষয়াই

Last Updated : Jul 6, 2021, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.