গুৱাহাটী, 30 জানুৱাৰী: গুৱাহাটীত 1 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ’ব অ’লা আৰু উবেৰ সেৱা (Cab driver strike in Guwahati) ৷ কেব চালকসকলক দীৰ্ঘদিনৰ ধৰি অ’লা আৰু উবেৰ নামৰ বহিৰাগত বহুজাতিক প্ৰতিষ্ঠান দুটাই চলাই অহা শোষণ আৰু লুণ্ঠনৰ বাবে 1 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব মজদুৰ সংঘই ৷ পূৰ্বেও প্ৰতিষ্ঠান দুটাৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কেব চালকসকলে (Guwahati cab driver protest) ৷
কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত সন্দৰ্ভত সোমবাৰে কেব মজদুৰ সংঘৰ মুখপাত্ৰ ধ্ৰুৱৰাজ অসমে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে (Cab service to be stopped in Guwahati) । তেওঁ কয় যে, জীৱন যুদ্ধত স্বাৱলম্বিতাৰে জীয়াই থকাৰ লক্ষ্যৰে হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱকে সুদত ঋণ লৈ একো একোখন সৰু মজলীয়া বাহন ক্ৰয় কৰি কেৱ এগ্ৰিকেটৰসমুহৰ লগত সংযুক্ত হৈ গুৱাহাটী মহানগৰীত কেব সেৱা আগবঢ়াই আহিছে । 2015 চনত আৰম্ভ হোৱা অ’লা আৰু উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই প্ৰথম বছৰটোত প্ৰতি গৰাকী কেৱ চালকক শ্ৰমৰ উচিত মূল্য আৰু অধিক পৰিশ্ৰমৰ বাবে বিশেষ ভাট্টা প্ৰদান কৰিছিল ।
কিন্তু লক্ষ্যনীভাৱে এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাচৰে পৰা এই এগ্ৰিকেটৰসমূহে প্ৰতিটো যাতায়তৰ বিপৰীতে 30 পৰা 40 শতাংশলৈকে কমিচন লব’লৈ আৰম্ভ কৰিলে বুলিও তেওঁ সদৰী কৰে । সমান্তৰালভাৱে অত্যাধিক পৰিশ্ৰম কৰাৰ ফলত সেই বিশেষ ভাত্তাও বন্ধ কৰি দিয়াৰ কথা তেওঁ উল্লেখ কৰে ।
উল্লখ্য যে, এনে পৰিস্থিতিত চালকসকলে দৈনিক 8 ঘণ্টাৰ পৰিৱৰ্তে 18ৰ পৰা 20 ঘণ্টা গাড়ী চলাবলৈ বাধ্য হ’ল । প্ৰতিষ্ঠান দুটাই কৰি অহা শোষণ আৰু অত্যাচাৰৰ কথা তথ্য সহকাৰে জিলা উপায়ুক্ত ,পৰিবহন আয়ুক্ত, পৰিবহন মন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰীকো বিষয়টো অৱগত কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কেব চালকসকলে (Ola Uber service in Guwahati) ৷ ইয়াৰোপৰি এগ্ৰিগেটৰসমূহে কোনো কাৰণ নোহোৱাকৈ কেব চালকসকলৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰিবলৈ আৰম্ভ কৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে ।
যাৰ বাবে হাজাৰ হাজাৰ যুৱকৰ জীৱন আৰু জীৱিকা সম্পূৰ্ণৰূপে ধংস হৈ পৰিছে । লগতে ঘৰ চলোৱাকে ধৰি চিকিৎসা ব্যয়ৰ ক্ষেত্ৰতো চালকসকল সন্মুখীন হৈছে সমস্যাৰ ৷ একাংশ চালকে বাহনৰ ইনষ্টলমেণ্ট দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে এতিয়া অ’লা আৰু উবেৰ কেব সেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে ৷
লগতে পঢ়ক: Assam Sahitya Sabha in crisis: ৬৫ লাখ টকাৰ ঋণত পোত গৈ আছে অসম সাহিত্য সভা