ETV Bharat / state

মাজুলীৰ লগতে আৰু কোন কোন সমষ্টিত হ’ব পাৰে উপ নিৰ্বাচন ? - মাজুলী উপ নিৰ্বাচন বাতৰি

আগন্তুক সময়ত মাজুলীৰ লগতে ৰাজ্যৰ আন তিনিটা সমষ্টিত অনুষ্ঠিত হ’ব পাৰে উপ নিৰ্বাচন ৷ ইতিমধ্যে শেহতীয়া উপ নিৰ্বাচনত পাঁচ সমষ্টি বিজেপি-মিত্ৰদলে নিজৰ দখললৈ নিয়াৰ পিছতে আন তিনিটা সমষ্টিক লৈ সমীকৰণ আৰম্ভ কৰা বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ৷

as_ghy_01_cong_mlas_to_bjp_7206058
মাজুলীৰ লগতে আৰু কোন কোন সমষ্টিত হ’ব পাৰে উপ-নিৰ্বাচন ?
author img

By

Published : Nov 6, 2021, 12:55 PM IST

গুৱাহাটী, 6 নৱেম্বৰ : 30 অক্টোবৰত ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত পাঁচোটা সমষ্টি বিজেপি-মিত্ৰদলে নিজৰ দখললৈ নিবলৈ সক্ষম হয় ৷ কিন্তু কেৱল এই পাঁচ সমষ্টিয়েই নহয়, আগন্তুক সময়ত আন তিনিটা গুৰুত্বপূৰ্ণ সমষ্টিও নিজৰ দখললৈ অনাৰ বাবে পৰিকল্পনা কৰিছে গেৰুৱা দলটোৱে ৷

দেশৰ নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে মাজুলী সমষ্টিৰ বিধায়ক পদত্যাগ কৰিছিল সৰ্বানন্দ সোণোৱালে ৷ যাৰ বাবে মাজুলীত অনুষ্ঠিত নহ’ল উপ নিৰ্বাচন ৷ অতি শীঘ্ৰে মাজুলীত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ কিন্তু মাজুলীৰ লগতে অতি কমেও আন দুটা সমষ্টিত একে সময়তে উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷

ইতিমধ্যে বিজেপিৰ একাংশ শীৰ্ষ নেতাই সময়ে সময়ে দাবী কৰিবলৈ আৰম্ভ কৰিছে যে একাংশ কংগ্ৰেছ বিধায়কে বিজেপিলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰি গেৰুৱা দলটোৰ নেতৃত্বৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি চলিছে । তাৎপৰ্যপূৰ্ণভাৱে উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, অসমত এনেকুৱা এটা দিন আহি আছে, যিদিনা ১২৬ টা সমষ্টিৰ বিধায়কেই হ’ব বিজেপিৰ ।

মুখ্যমন্ত্ৰীৰ এনে ঘোষণাৰ অংশস্বৰূপেই হয়তো আৰু একাংশ কংগ্ৰেছ বিধায়কক খুব সোনকালেই বিজেপিত যোগ দিওৱাৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলিছে । যদি সেয়া সম্ভৱ হৈ উঠে তেন্তে আগন্তুক দুই-এমাহৰ ভিতৰত মাজুলীৰ লগতে আৰু কেইটামান সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত । এতিয়া প্ৰশ্ন হ'ল, বিজেপিত যোগদান কৰিব বুলি ৰাজ্যৰ ৰাজনীতিত সঘন চৰ্চা চলি থকা কংগ্ৰেছ বিধায়কসকল কোন ?

এইক্ষেত্ৰত সৰ্বাধিক চৰ্চিত হৈ থকা কংগ্ৰেছ বিধায়কসকল হ'ল - দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা । একে সময়তে বিজেপিৰ আন এক শীৰ্ষ সূত্ৰই দাবী কৰা মতে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰো বিজেপিমুখী হ'লে আচৰিত হ’বলগীয়া একো নাথাকিব ।

লগতে পঢ়ক : ইতিবাচক খবৰ : বন্যহস্তীৰ বাবে খাদ্য যোগান দীপাৱলীত ব্যৱহৃত কলপুলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.