ETV Bharat / state

সন্ধিয়া মুখ্যমন্ত্ৰীৰ চোতালত হুঁচৰি : গৰু বিহুৰ দিনটোত কিদৰে ব্যস্ত সোণোৱাল-হিমন্ত - আজি গৰু বিহু

ৰাজ্যজুৰি গৰু বিহুকলৈ বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সেণোৱালো বিশেষ দিনটোত যথেষ্ট ব্যস্ত । পুৱাই ৰাজ্যপালক বিহুৰ ওলগ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM greets Governor on Rangali Bihu)। সন্ধিয়ালৈ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ বাসগৃহত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ।

Assam
সন্ধিয়া মুখ্যমন্ত্ৰীৰ ঘৰত হুঁচৰি
author img

By

Published : Apr 14, 2022, 5:38 PM IST

গুৱাহাটী, ১৪ এপ্ৰিল : আজি গৰু বিহু । ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ (Rongali Bihu celebration in Assam)। চহা গ্ৰাম্য জীৱনৰ দৰে ৰাজধানী চহৰ গুৱাহাটীত গৰু বিহুৰ সেই পৰিৱেশ নাই যদিও বিহুৰ আনন্দ আৰু ব্যস্ততাই চুই গৈছে সকলোকে । গৰু বিহুৰ দিনটোত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সেণোৱালৰো আছে ব্যস্ততাপূৰ্ণ কাৰ্যসূচী ।

পুৱাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাগ লয় লতাশিলৰ ঐতিহ্যমণ্ডিত মুকলি বিহুৰ কাৰ্যসূচীত (Assam CM participates in Latashil Bihu program)। তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় ৰাজভৱনত । ৰাজ্যপাল জগদীশ মুখীক ৰঙালীৰ ওলগ আৰু অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে (Assam CM greets Governor on Rangali Bihu)।

Assam
ৰাজ্যপালক বিহুৰ ওলগ জনালে মুখ্যমন্ত্ৰীয়ে

একেদৰে আন দুগৰাকী বিশিষ্ট ব্যক্তি অধ্যাপক অনিল গোস্বামী আৰু দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ সাংসদ ৰঞ্জন গগৈৰ ঘৰলৈ গৈও দুয়োকে বিহুৰ ওলগ জনোৱাৰ কাৰ্যসূচী আছে মুখ্যমন্ত্ৰীৰ । আনহাতে সন্ধিয়া মুখ্যমন্ত্ৰীৰ দিছপুৰৰ চৰকাৰী ঘৰৰ চোতাল ঢোলৰ গুমগুমনিত মুখৰ হৈ উঠিব । কিয়নো মুখ্যমন্ত্ৰীৰ চোতালত সন্ধিয়া হুঁচৰি জুৰিব যোৰহাটৰ নকচাৰিৰ এটি হুঁচৰি দলে ।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো গৰু বিহুৰ দিনটোত আছে বিস্তৃত কাৰ্যসূচী । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সন্ধিয়া ৪ বজাৰ পৰা ৭.৩০ বজালৈ গুৱাহাটীত বাস কৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকক ব’হাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাব (Sarbananda Sonowal to greet dignitaries on Bihu)। প্ৰথমেই সোণোৱাল যাব বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ ঘৰলৈ ।

তাৰ পাছত বিয়লি ৪.৩০ বজাত তেওঁ উপস্থিত হ'ব প্ৰবীণ সাংবাদিক কনকসেন ডেকাৰ ঘৰত । ৫.৩০ বজাত সোণোৱাল যাব বিশিষ্ট শিল্পী পুলক বেনাৰ্জীৰ উলুবাৰীৰ বাসগৃহলৈ । জনপ্ৰিয় গায়ক গৰাকীক বিহুৰ ওলগ জনোৱাৰ পিছত সোণোৱাল যাব ফাঁচীবজাৰলৈ । তাত মহাবীৰ স্বামী আৰু কৃষ্ণ গোয়েংকাক ব’হাগৰ ওলগ জনোৱাৰ পিছত সোণোৱাল উভতিব দলৰ ৰাজ্যিক কাৰ্যালয়ৰ সমীপতে থকা ডিম্পল ৰাভাৰ ঘৰলৈ তেওঁক বিহুৰ ওলগ জনাবলৈ ।

লগতে পঢ়ক :Rangali Bihu 2022 : প্ৰতিকূল বতৰৰ মাজতে ৰঙালীক আদৰিছে লখিমপুৰবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.