গুৱাহাটী, 14 ছেপ্তেম্বৰ : গুৱাহাটীৰ ল’জৰ পৰা 26 জনকৈ সন্দেহজনক নাগৰিকক আটক কৰা তথা বাংলাদেশৰ পৰা ৰোহিংগীয়া শৰণাৰ্থীয়ে সীমান্ত পাৰ হৈ অসমৰ মাজেৰে ৰে’লেৰে ৰাজধানী নতুন দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ যোৱা বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে । ইয়াৰ অংশ হিচাপে সীমান্ত নিৰাপত্তা বাহিনীৰ (BSF) কলকাতাস্থিত পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (ADG) ৱাই বি খুৰানীয়াই(Y B Khurania) চাৰিদিনীয়া সীমান্ত অঞ্চল ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় ।
![bsfs east command adg meeting with cm anf dgp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-bsf-adg-meet-cm-dgp-7209925_14092021132124_1409f_1631605884_27.jpg)
তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক(Himanta Biswa Sarma) দিছপুৰৰ সচিবালয়ৰ কক্ষত সাক্ষাৎ কৰি ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ অসমৰ সৈতে সংলগ্ন সীমাৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । ইয়াৰ পাচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (DGP) ভাস্কৰজ্যোতি মহন্তক(Bhaskarjyoti Mahanta) আৰক্ষী মুখ্য কাৰ্যালয়ত সাক্ষাৎ কৰে এ ডি জি খুৰানীয়াই ।
সাক্ষাৎ কালত দুয়োগৰাকী শীৰ্ষ বিষয়াই আৰক্ষী আৰু বি এছ এফে সীমান্তত সহযোগিতাৰে কাম কৰাৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ বিষয়ত সহমত প্ৰকাশ কৰে । আনহাতে, চাৰিদিনীয়া কাৰ্যসূচীৰে সীমান্ত ভ্ৰমণলৈ অহা এ ডি জি খুৰাণীয়াই বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ উচ্চপদস্থ বিষয়াসকলৰ সৈতেও এক বৈঠকত ভাগ লয় ।
গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক এছ এছ গেহলটৰ(S S Gehlot) উপস্থিতিত অনুষ্ঠিত বৈঠকত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অনুপ্ৰৱেশৰ লগতে কোনো যাতে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ নহয়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । মঙলবাৰৰ পৰা আগন্তুক 16 ছেপ্তেম্বৰলৈ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচাৰৰ উপৰিও পশ্চিমবংগৰ কোচবিহাৰত উপস্থিত হৈ আন্তৰ্জাতিক সীমান্ত পৰিদৰ্শন কৰিব অতিৰিক্ত সঞ্চালক প্ৰধান খুৰানীয়াই ৷
লগতে পঢ়ক: তেজপুৰৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ