ETV Bharat / state

Dredging of River Brahmaputra : আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য

author img

By

Published : Jan 29, 2022, 9:47 PM IST

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হৈছে (Dredging of River Brahmaputra) । আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ (IWAI) উদ্যোগত ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত খননৰ কাৰ্য ৷

BRAHMAPUTRA DREADGING WORK STARTS BY IWAI
ব্ৰহ্মপুত্ৰ খনন কাৰ্য আৰম্ভ

গুৱাহাটী, 29 জানুৱাৰী : বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হৈছে । আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ (IWAI) উদ্যোগত ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত খননৰ কাম আৰম্ভ কৰা হৈছে । আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণে এখন ড্ৰেজাৰে ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত খননৰ কাম কৰিছে। ইতিমধ্যে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰত ব্ৰহ্মপুত্ৰ নদীত খননৰ কাম আৰম্ভ হোৱাৰ কথা সদৰি কৰিছে ।

এই সন্দৰ্ভত শণিবাৰে আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ উপ সঞ্চালক প্ৰবীণ বৰাই ই টি ভি ভাৰতৰ আগত কয় যে ধুবুৰী আৰু যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ খননৰ বাবে দুখন ড্ৰেজাৰ ক্ৰয় কৰা হৈছে। ইয়াৰে ধুবুৰীত থকা ড্ৰেজাৰখনৰ মেৰামতি চলি থকাৰ বাবে নিমাতীঘাটত থকা ড্ৰেজাৰখন ধুবুৰীলৈ অনা হৈছে আৰু এইখনৰে বৰ্তমান ধুবুৰীত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ কৰা হৈছে। তেওঁ কয় যে আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰনৰ এখন ৰপেক্স জাহাজ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত চলি আছে(Brahmaputra dredging work starts by IWAI)। বৰ্তমান ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত বহুত পানী আছে । সেয়ে ৰপেক্সখন অহা-যোৱা কৰা জলপথত পানী কম থকা অংশত ড্ৰেজাৰখনৰে ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ কৰা হৈছে ।

তেওঁ জনায় পৰৱৰ্তী ধনশিৰি নদীত আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰনে ড্ৰেজাৰেৰে খননৰ কাম কৰিব। তেওঁ কয় যে চৰকাৰে নুমলীগড় শোধানাগাৰ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰে ধনশিৰি হৈ শোধানাগাৰলৈ কাৰ্গো জাহাজ(Cargo ship) চলাচল কৰিব। যাৰ বাবে ধনশিৰি নদীত আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰনে ড্ৰেজাৰেৰে খনন কৰিব। ইপিনে জলসম্পদ বিভাগে তেজপুৰত জীয়াভৰালী নদীত খননৰ কাম আৰম্ভ কৰিছে । আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ উপ সঞ্চালক প্ৰবীণ বৰাই জনায় যে অহা তিনি চাৰিমাহৰ ভিতৰত আৰু চাৰিখন ড্ৰেজাৰ অনা হ'ব ।

উল্লেখ্য যে গুৱাহাটীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰ খননৰ বাবে এখন ড্ৰেজাৰ ৰখা আছে । এইখন ড্ৰেজাৰ dredging corporation of India ৰ। ৷ জলসম্পদ বিভাগে ২০১৭-১৮ বিত্তীয় বৰ্ষত ১৮ কোটি টকাৰ প্ৰকাশ কৰিছিল এক নিবিদা৷ এই নিবিদাৰ জৰিয়তে এই ড্ৰেজাৰখন ক্ৰয় কৰা হৈছিল । উল্লেখ্য যে দক্ষিণ–পূব এছিয়াৰ লগত অসম তথা উত্তৰ–পূৰ্বাঞ্চলে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ হ’লে ৰাষ্ট্ৰীয় জলপথ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবই লাগিব । এই জলপথ উন্নয়নত গুৰুত্ব আৰোপ কৰি ১৯৮৮ চনত ব্ৰহ্মপুত্ৰক ৰাষ্ট্ৰীয় জলপথৰূপে ঘোষণা কৰিছিল ।

৮৪১ কিলোমিটাৰ দৈৰ্ঘ্য ব্ৰহ্মপুত্ৰৰ বুকু খনন, নদীৰ দুয়োপাৰৰ ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্য এক্সপ্ৰেছ হাইৱে’ আৰু নতুনকৈ সাতখন দলং নিৰ্মাণৰ বাবে চৰকাৰে ঘোষণা কৰিছিল যদিও আজিলৈ কাৰ্যকৰী নকৰিলে । অথচ ব্ৰহ্মপু্ত্ৰক সম্পদৰূপে গঢ়ি তোলা হ’ব বুলি প্ৰতিখন শাসকীয় চৰকাৰে আওৰাই আহিছে । বিগত ২০১৭ বৰ্ষৰ ৪ এপ্ৰিলত ব্ৰহ্মপুত্ৰ খনন আৰু অন্যান্য উন্নয়নমূলক প্ৰকল্প নিৰ্মাণেৰে নদীখনক সম্পদলৈ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক চুক্তি স্বাক্ষৰিত কৰিছিল । শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰে জল পৰিবহণ ব্যৱস্থা সূচলৰূপে গঢ়ি তুলিবলৈ ১২৫০ কোটি টকা ধাৰ্য কৰিব বুলি প্ৰকাশ কৰিছিল কেন্দ্ৰীয় জল আৰু ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে(Union minister Nitin Gadkari)।

ইপিনে ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ ৯৮০ কোটি টকা বিশ্ব বেংকে যোগান ধৰাৰ কথা ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা কৈ আহিছে । দুবছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকু খনন কৰাৰ কথা আছিল । উল্লেখ্য যে ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ বাবে ২০১৭ চনত ড০ দুলাল চন্দ্ৰ গোস্বামীৰ অধ্যক্ষতাত গঠন হৈছিল এক বিশেষজ্ঞ কমিটী৷ কমিটীখনে প্ৰয়োজন সাপেক্ষে ঠাই বিশেষে নদীৰ গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশনৰ বাবে খননৰ পৰামৰ্শ আগবঢ়াইছিল।

লগতে পঢ়ক : জীয়া ভৰলীৰ বক্ষ খননৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.