ETV Bharat / state

Assam Arunachal Border issue : মেঘালয়ৰ পিছত এইবাৰ অৰুণাচলৰে আলোচনা অসমৰ - অসম অৰুণাচলৰ সীমা বিবাদ

অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানৰ বাবে বিশেষ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে । মেঘালয়ৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা সমস্যা নিষ্পত্তি হোৱাৰ দিশত আগবাঢ়িছে । এইবাৰ অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে আলোচনা কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে (Assam CM focus on border problem with Arunachal) । অতি শীঘ্ৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মিলিত হ’ব বৈঠকত ।

মেঘালয়ৰ পিছত এইবাৰ অৰুণাচলৰে আলোচনা অসমৰ
author img

By

Published : Apr 10, 2022, 12:48 PM IST

গুৱাহাটী, ১০ এপ্ৰিল : মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, কেইবা দশকজুৰি অসম আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ মাজত চলি থকা সীমা বিবাদৰ জটিল সমস্যাটো তেওঁৰ কাৰ্যকালতে সমাধান কৰাৰ বাবে চেষ্টা কৰিব । সেই অনুসৰি ইতিমধ্যে মেঘালয়ৰ সৈতে চলি থকা অসমৰ সীমা বিবাদ (Border dispute between Assam and Meghalaya) কিছু পৰিমাণে নিষ্পত্তি হৈছে ।

সীমান্তৱৰ্তী ১২ টা বিবদমান অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬ টা স্থানৰে বিবাদ নিষ্পত্তি হৈছে আৰু দুয়োখন ৰাজ্যৰ মাজত চুক্তিও স্বাক্ষৰিত হৈছে । মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ দিশত এটা খোজ আগবঢ়াৰ পিছত এইবাৰ আন এখন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে চলি অহা সীমা সমস্যা (Border dispute between Assam and Arunachal Pradesh) নিষ্পত্তিৰ বাবে আগবাঢ়িছে অসম চৰকাৰ ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰ অনুসৰি, ১৮ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু সীমা সমস্যাক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব (Both Assam and Arunachal CM to sit on border issue) । গুৱাহাটীতেই অনুষ্ঠিত হ'ব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজৰ এই বৈঠক । অসম আৰু অৰুণাচলৰ মাজৰ ১২২ খন গাঁৱক লৈ দীৰ্ঘদিন ধৰি সীমা বিবাদ চলি আহিছে ।

অসম আৰু অৰুণাচল উভয়েই এই ১২২ খন গাঁও নিজৰ বুলি দাবী কৰি আহিছে । ইতিমধ্যে অসম চৰকাৰে বিধানসভাত প্ৰকাশ কৰা তথ্য মতে, অৰুণাচল প্ৰদেশে অসমৰ প্ৰায় ৮৩৯৫.২৫৪৫ হেক্টৰ ভূমি দখল কৰি ৰাখিছে । জিলাৰ হিচাপত যদি এই তথ্য চোৱা যায় তেন্তে দেখা যাব যে শোণিতপুৰত ১.০৮৪৭ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ, বিশ্বনাথত ৪৭৫১ হেক্টৰ, ধেমাজিত ১০৫৫.৭৪৭৯ হেক্টৰ, চৰাইদেউত ৬০২.০১১৭ হেক্টৰ, ডিব্ৰুগড়ত ১০ হেক্টৰ অসমৰ ভূমি অৰুণাচলে দখল কৰি থৈছে ।

উল্লেখযোগ্য যে, ৮ এপ্ৰিলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসম আৰু অৰুণাচলৰ সীমান্তবৰ্তী জিলাকেইখনৰ উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ' কনফাৰেঞ্চত ভাগ লৈছিল আৰু সেই বৈঠকতে তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু চৰাইদেউৰ উপায়ুক্তৰ সৈতে অসম-অৰুণাচলৰ সীমা সমস্যাৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিছিল (Assam CM focus on border problem with Arunachal) । সেই ভিডিঅ' কনফাৰেঞ্চতে সংশ্লিষ্ট জিলা কেইখনৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছিল শীঘ্ৰে সীমান্তৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ ।

লগতে পঢ়ক : সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত হ’ল চুক্তি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.