গুৱাহাটী, 26 ডিচেম্বৰ : শনিবাৰে কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এক গ্ৰন্থ উন্মোচনী সভা ৷ গ্ৰন্থ উন্মোচনী সভাতে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বৰ্ণিল অভিজ্ঞতাৰ ভিত্তিত গীতিকা শইকীয়াৰ 'সৰা ফুলে কথা ক’লে' শীৰ্ষক সুদীৰ্ঘ উপন্যাসখন উন্মোচন কৰা হয় ৷
গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে যশস্বী ঔপন্যাসিক, কবি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে ৷ উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, স্বনামধন্য লেখিকা লীনা শৰ্মা, তুৰা চৰকাৰী কলেজৰ অধ্যাপিকা- সাহিত্যিক মীনাক্ষী বুঢ়াগোহাঁই, সংগীত শিল্পী, লেখক চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী উপস্থিত থাকে ৷
লগতে পঢ়ক : ক’ৰণা মুক্ত ধাৰাৱী: বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত বিএমচি
পানবজাৰৰ এম আৰ পাব্লিকেচনে প্ৰকাশ কৰি উলিওৱা 'সৰা ফুলে কথা ক’লে' শীৰ্ষক উপন্যাসখনৰ কাহিনীভাগত এগৰাকী সাংবাদিকৰ দৃষ্টিভংগীৰে সংবাদ মাধ্যমক দেখুওৱাৰ প্ৰয়াস কৰা হৈছে । খবৰৰ সন্ধানত ব্যস্ত পৃথিৱীখনৰ সদা ব্যস্ততাময় পৰিবেশ, খবৰৰ গুৰুত্বতকৈ নিজৰ স্থান সকলো প্ৰকাৰে সুৰক্ষিত কৰাৰ প্ৰতিযোগিতা, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব, কৰ্তব্য আদিৰ লগতে বিশেষভাৱে দৃশ্য-শ্ৰব্য সাংবাদিকতাৰ জগতখনৰ বিষয়ে উপন্যাসখনত বৰ্ণনা কৰা হৈছে ।
উল্লেখযোগ্য যে, কিছুবছৰৰ আগতে উচ্চতম ন্যায়ালয়ে দিয়া এক ঐতিহাসিক ৰায়দানৰ ফলত বৰ্তমান বৃন্দাবনত বিধৱাসকলেও হো'লীৰ আনন্দ-উছাহত আন সকলোৰে সৈতে সমানে ভাগ ল'বলৈ কেনেদৰে সক্ষম হৈছে ৷ গ্ৰন্থখনত সেই কথাৰ উল্লেখৰ লগতে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ৰ বিষয়েও উপন্যাসখনত বিষদভাৱে বৰ্ণনা কৰা হৈছে ৷
লগতে পঢ়ক : অমিত শ্বাহৰ জনসভাত কোভিড প্ৰট’কল ভংগ !