ETV Bharat / state

দ্য ড্ৰেঞ্জং ডাৱা : অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত গ্ৰন্থ উন্মোচন

author img

By

Published : Jan 3, 2022, 10:23 AM IST

দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী বৰ্তমানৰ প্ৰজন্মক মুখ্য কৰি গুৱাহাটীত দেওবাৰে ‘দ্য ড্ৰেঞ্জং ডাৱা: পৰ্বতাৰোহণ প্ৰশিক্ষণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত গ্ৰন্থ উন্মোচন (Book released at Assam Mountaineering Association office) ৰ অনুষ্ঠানটো সুকলমে হৈ যায় ৷

Book Release
অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত গ্ৰন্থ উন্মোচন

গুৱাহাটী, 3 জানুৱাৰী : অসমত ক্ৰমাৎ নৱপ্ৰজন্ম আগ্ৰহী হৈ পৰিছে দুঃসাহসিক ক্ৰিয়া-কলাপৰ প্ৰতি ৷ এনে দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৃষ্টসকলৰ সহায়ক হোৱাকৈ অসম পৰ্বতাৰোহণ সন্থাৰ অন্যতম সদস্যা মাধুৰ্য মঞ্জুৰী বৰাই লিখি উলিয়াইছে ‘দ্য ড্ৰেঞ্জং ডাৱা : পৰ্বতাৰোহণ প্ৰশিক্ষণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা’ শীৰ্ষক এখন গ্ৰন্থ ৷

এই গ্ৰন্থখনি দেওবাৰে অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত উন্মোচন (Book released at Assam Mountaineering Association office) কৰা হয় ৷ প্ৰজ্ঞা মিডিয়া হাইপ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়াইছে এই গ্ৰন্থখন ৷ ছিকিমত পৰ্বতাৰোহণৰ এমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সময়ত লাভ কৰা অভিজ্ঞতাক সমল হিচাপে লৈ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে লেখিকাই ৷

অসম পৰ্বতাৰোহণ সন্থা আৰু সন্থাৰ ভগ্নী সংগঠন লেডিজ এডভেন্সাৰ গ্ৰুপৰ উৎসাহত ছিকিমত ইণ্ডিয়ান চেণ্টাৰ ফ’ৰ এডভেন্সাৰ এণ্ড ইক' টুৰিজিমত বিগত বৰ্ষৰ মাৰ্চ মাহত বেচিক মাউণ্টেনিয়াৰিং ক'ৰ্চ কৰাৰ সময়ত হোৱা অভিজ্ঞতা এই গ্ৰন্থখনত লেখিকাই সাৱলীল ভাষাত সন্নিৱিষ্ট কৰিছে ৷

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা তথা অসম পৰ্বতাৰোহণ সন্থাৰ উপদেষ্টা সত্যেন শৰ্মা, ফটো সাংবাদিক অনুপম নাথ, প্ৰবীণ পৰ্বতাৰোহী পাৰ্বতী প্ৰসাদ গৌতম, ৰাজেন্দ্ৰ প্ৰসাদ গৌতম, অৰ্চনা ভট্টাচাৰ্য, মানস বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক : Assam Book Fair 2021 : মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.