ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন চৰ-চাপৰিৰ নিৰ্বাচিত 'অসমীয়া কবিতা' - পমুৱা মুছলমান

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল চৰ-চাপৰিৰ নিৰ্বাচিত 'অসমীয়া কবিতা' ৷ বিশিষ্ট সাহিত্যিক তথা নিবন্ধকাৰ ইছমাইল হুছেইনে সম্পাদনা কৰা কবিতা সংকলনখন উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে ৷

book-inauguration-in-ghy-press-club
গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন চৰ-চাপৰিৰ নিৰ্বাচিত 'অসমীয়া কবিতা'
author img

By

Published : Dec 25, 2020, 5:14 PM IST

গুৱাহাটী, 25 ডিচেম্বৰ : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল চৰ-চাপৰিৰ নিৰ্বাচিত 'অসমীয়া কবিতা' ৷ বিশিষ্ট সাহিত্যিক তথা নিবন্ধকাৰ ইছমাইল হুছেইনে সম্পাদনা কৰা কবিতা সংকলনখন উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে ৷ একেদৰে, গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে জ্যোতি প্ৰকাশনে ৷

বিশিষ্ট সাহিত্যিক তথা নিবন্ধকাৰ ইছমাইল হুছেইনৰ মন্তব্য

গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ইছমাইল হুছেইনে কয় যে, 1965 চনৰ পৰা আজিলৈকে চৰ-চাপৰি অঞ্চলৰ যিসকল কবিয়ে কবিতা ৰচনা কৰিছে সেইসকল কবিতাৰ সংকলন শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱে উন্মোচন কৰিলে ৷ পৰৱৰ্তী সময়ত চৰ-চাপৰি অঞ্চলৰ লোকক লৈ এক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে ৷

আনহাতে, একাংশ লোকে আমাক ন অসমীয়া, পমুৱা মুছলমান আদি শব্দ প্ৰয়োগ কৰি তিৰস্কাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে ইছমাইল হুছেইনে ৷

ইফালে, 7 ডিচেম্বৰত হোমেন বৰগোহাঞিৰ জন্মদিনটো প্ৰতিবছৰে চৰ-চাপৰি অঞ্চলত 'জাতীয় সংহতি দিৱস' হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে ইছমাইল হুছেইনে ৷

লগতে পঢ়ক : 'কা' বাতিলৰ দাবীৰে খোৱাঙত আছুৰ জোঁৰ সমদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.