ETV Bharat / state

এতিয়া আৰু চীনৰ চিনেমা উপভোগ নকৰে জুবিনে - চীনৰ সস্পৰ্কৰ অস্থিৰতা সম্পৰ্কত জুবিন গাৰ্গ

গুৱাহটীৰ গ্ৰন্থ্ উন্মোচনী এক অনুষ্ঠানত উপস্থিত থাকি এই কথা কয় জুবিন গাৰ্গে ৷ ৰাজগড়স্থিত অভিনয়া ষ্টুডিঅ'ত বৰ্তমান পৰিস্থিতিত খাপ খুৱাকৈ উন্মোচনৰ কৰা হয় এখন ব্যতিক্ৰমী কিতাপ ।

এতিয়া আৰু চীনৰ চিনেমা উপভোগ নকৰে জুবিনে

author img

By

Published : Jun 20, 2020, 7:05 AM IST

গুৱাহাটী, 20 জুনঃ ভাৰত-চীনৰ সস্পৰ্কৰ অস্থিৰতা সম্পৰ্কত জুবিন গাৰ্গে কয় যে, পূৰ্বে তেওঁ চীনৰ চিনেমা চাইছিল যদিও বৰ্তমান চীনে দেখুওৱা বৰ্বৰতাৰ পাচত তেওঁ চীনা চবি চোৱাটো পৰিহাৰ কৰিছে ৷ "চাইনীজ চিনেমা দেখিলেই এতিয়া খং উঠে"- এই মন্তব্য কৰে জুবিন গাৰ্গে ৷ আনহাতে ভাৰতীয় সেনাৰ চীনৰ লগত যুঁজিব পৰাকৈ পূৰ্ণ সামৰ্থ থকা বুলি তেওঁ কয় ৷ গুৱাহটীৰ গ্ৰন্থ্ উন্মোচনী এক অনুষ্ঠানত উপস্থিত থাকি এই কথা কয় জুবিন গাৰ্গে ৷

এতিয়া আৰু চীনৰ চিনেমা উপভোগ নকৰে জুবিনে

ৰাজগড়স্থিত অভিনয়া ষ্টুডিঅ'ত বৰ্তমান পৰিস্থিতিত খাপ খুৱাকৈ উন্মোচনৰ কৰা হয় এখন ব্যতিক্ৰমী কিতাপ । উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ , নেমকেয়াৰ হাস্পতালৰ সঞ্চালন প্ৰধান হিতেশ বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটা ৷ ভাস্কৰ বৰ্মনৰ সংকলন আৰু সম্পাদনাৰে "ক'ৰণা আৰু ইয়াৰ প্ৰতিৰোধ" শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় এই অনুস্থানত ৷

গ্ৰন্থ উন্মোচন কৰি জুবিন গাৰ্গে কয় যে, বিশিষ্ট চিকিৎসক সকলৰ পৰামৰ্শৰে পৰিপূৰ্ণ কিতাপ খনৰ দ্বাৰা ৰাইজৰ উপকৃত হব পৰা কৈ ভাস্কৰ বৰ্মনে সংকলন কৰিছে ৷ লগতে কিতাপ খনি পঢ়িলে পাঠকে বহু নজনা কথা জানিব পাৰিব বুলি উল্লেখ কৰে শিল্পী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.