ETV Bharat / state

Body found at Mathgharia: ৰে'ল লাইনৰ সমীপত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ মৃতদেহ

author img

By

Published : Jul 22, 2022, 10:30 PM IST

মঠঘৰীয়া ৰে'ল লাইনৰ সমীপত অগ্নিদগ্ধ অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ (Body found in Blaze at Mathgharia)৷ গৰম পানী ঢালি কোনো লোকে হত্যা কৰাৰ অভিযোগ ৷

Body found in blaze
গৰম পানী ঢালি অমলক হত্যাৰ সন্দেহ

গুৱাহাটী, 22 জুলাই: মঠঘৰীয়াত দিন দুপৰতে অঘটন ৷ শুকুৰবাৰে মঠঘৰীয়া ৰে'ল লাইনৰ সমীপত অগ্নিদগ্ধ অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ (Body found near railway track at Mathgharia)৷

ঘটনা অনুসৰি পুৱাৰ ভাগত বন্ধুৰ সৈতে দিন হাজিৰা কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল অমল মিত্ৰ নামৰ লোকজন ৷ কিন্তু দুপৰীয়া প্ৰায় 1 বজাত ঘৰৰ সমীপৰ ৰে'ল লাইনৰ দাঁতিত অমলৰ মৃতদেহ পৰি থকা প্ৰতক্ষ কৰে তেওঁৰ পত্নীয়ে (Mathgharia murder case)৷ লগে লগে তেওঁ হুলস্থূল কৰাত ওচৰ চুবুৰীয়াৰ লোক আহি উপস্থিত হয় সেই স্থান ৷

গৰম পানী ঢালি অমলক হত্যাৰ সন্দেহ

স্থানীয় লোকে নুনমাটি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে (Body rescued at Mathgharia)৷ স্থানীয় একাংশ লোকে উৎকট গৰমৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ ইয়াৰ বিপৰীতে অমলৰ পৰিয়ালৰ লোকে গৰম পানী ঢালি কোনো লোকে অমলক হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইফালে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Accident in Arunachal: অৰুণাচলৰ জিৰ’ পইণ্টৰ প্ৰায় দুশ ফুট তলত উদ্ধাৰ নগাঁৱৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.