ETV Bharat / state

Bodoland University Controversy: স্নাতক শিক্ষাৰ্থীয়ে অসমীয়া ভাষাতেই লিখিব পাৰিব পৰীক্ষাত

author img

By

Published : Jul 1, 2023, 8:51 AM IST

অৱশেষত সিদ্ধান্ত সলনি কৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয়ে ৷ স্নাতকৰ শিক্ষাৰ্থীয়ে অসমীয়া ভাষাতেই লিখিব পাৰিব পৰীক্ষাত ৷

Bodoland university medium controversy
সিদ্ধান্ত সলালে বড়োলেণ্ড বিশ্ববিদ্যালয়ে

নিউজ ডেস্ক, 1 জুলাই : অসমীয়া ভাষাবিৰোধী সিদ্ধান্ত অৱশেষত বাতিল কৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয়ে ৷ উল্লেখ্য যে, 26 জুনৰ দিনা বিশ্ববিদ্যালয়খনৰ অধীনৰ 59 খন মহাবিদ্যালয়লৈ এক নিৰ্দেশনা জাৰি কৰা হৈছিল ৷ স্নাতক মহলাৰ মেজৰ পাঠ্যক্ৰম অসমীয়াত পঢ়িব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছিল বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ ইয়াৰ পিচতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ৷ অসমীয়া ভাষাবিৰোধী সিদ্ধান্ত সলনিৰ বাবে উপাচাৰ্যক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল কেইবাটাও দল-সংগঠনে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই নিৰ্দেশনাৰ বিৰোধিতা কৰিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱেও ৷ ইংৰাজী বিষয়ত অধিক গুৰুত্ব প্ৰদানৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অন্য পদক্ষেপ ল’ব পাৰে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে বিষয়টো সন্দৰ্ভত কৈছিল , 'বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যমক লৈ অনৰ্থক বিতৰ্কৰ সৃষ্টি হৈছে ৷ তেনেকুৱা তেওঁলোকে কৰিব নোৱাৰে ৷ বিশ্ববিদ্যালয়বোৰে এনেই কিছুমান নিজে নিজে চিন্তা কৰে ৷' মাতৃভাষাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ‘ব বুলি কৈ অসমত যদি বড়ো আৰু অসমীয়া ভাষাত লিখা-পঢ়া কৰিব নোৱাৰে তেন্তে ক'ত কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

ইফালে আছুৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী আৰু ভাষা বিদ্বেষী প্ৰতিক্ৰিয়াশীল চক্ৰৰ বৃহৎ চক্ৰান্ত বুলি উল্লেখ কৰিছিল । আনফালে বড়ো সাহিত্য সভাই এখন বিশ্ববিদ্যালয়ত অফিচিয়েল-আনঅফিচিয়েল কথা থাকিব নোৱাৰে বুলি উল্লেখ কৰি এই সিদ্ধান্ত কিয় লোৱা হ'ল এই কথা এতিয়াই স্পষ্ট নকৰিলে পিছলৈ সমস্যাৰ সৃষ্টি হ'ব বুলি মত প্ৰকাশ কৰে ।

ইফালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উক্ত হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছু আৰু বিপিএফ দলৰ যুৱ শাখাৰ নেতৃত্বত ভাতৃ সংগঠন ক্ৰমে কোঁচ ৰাজবংশী, নাথ-যোগী, গোৰ্খা, সংখ্যালঘু, বেংগলী আৰু আদিবাসী কোষে শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উক্ত স্মাৰক পত্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ে যোৱা 26 জুনত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰি বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত স্নাতক মেজৰ পাঠ্যক্ৰমৰ পৰীক্ষা অসমীয়া মাধ্যমত তথা মাতৃভাষা মাধ্যমত লিখাৰ ব্যৱস্থা বাহাল ৰখাৰ বাবে দাবী জনায় ৷

ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ দাবীত শিৰনত কৰি অৱশেষত বড়োলেণ্ড বিশ্ববিদ্যালয়ে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় অসমীয়া ভাষাবিৰোধী সিদ্ধান্ত ৷ এতিয়াৰে পৰা স্নাতক শিক্ষাৰ্থীয়ে পৰীক্ষাত পূৰ্বৰ দৰে অসমীয়া ভাষাত অৱতীৰ্ণ হ’ব পাৰিব ৷

লগতে পঢ়ক : Bodoland University Controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল কৰাৰ আহ্বান আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.