ETV Bharat / state

মহানগৰীত ৰেইজদৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন

author img

By

Published : Dec 11, 2020, 7:15 AM IST

শ্বহীদ দিৱস উপলক্ষে বৃহস্পতিবাৰে মহানগৰীৰ বৰাগাঁওস্থিত অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ চৌহদত ৰক্তদান শিবিৰৰ আয়োজন স্বেচ্ছাসেৱী সংস্থা ৰেইজদৰ ৷ 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ আয়োজন কৰা ৰক্তদান কাৰ্যসূচীত ৰক্তদান কৰে প্ৰায় শতাধিক লোকে ৷

blood donation camp
মহানগৰীত ৰক্তদান শিবিৰৰ আয়োজন

গুৱাহাটী,11 ডিচেম্বৰ : বৃহস্পতিবাৰে শ্বহীদ দিৱস উপলক্ষে গুৱাহাটী মহানগৰীৰ বৰাগাঁওস্থিত অসম ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ চৌহদত আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ । অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদক স্মৰণ কৰি স্বেচ্ছাসেৱী সংস্থা ৰেইজদৰ উদ্যোগত শুভাৰম্ভণি কৰা হয় ৰক্তদানৰ ।

পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ আয়োজন কৰা ৰক্তদান কাৰ্যসূচীত প্ৰায় শতাধিক লোকে ৰক্তদান কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা দলৰ দ্বাৰা সংগ্ৰহ কৰা হয় ৰক্ত ।

মহানগৰীত ৰক্তদান শিবিৰৰ আয়োজন

সংগ্ৰহিত ৰক্তখিনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মজুত কৰি ৰখাৰ ব্যৱস্থা কৰিছে স্বেচ্ছাসেৱী সংস্থাটোৱে । প্ৰয়োজন সাপেক্ষে চিকিৎসালয়ৰ পৰাই ৰক্ত যোগান ধৰাৰ ব্যৱস্থা কৰিব ৰেইজদে ।

উল্লেখ্য যে, প্ৰতিমাহে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰেই ৰক্তদান শিবিৰৰ আয়োজন কৰে স্বেচ্ছাসেৱী সংস্থা ৰেইজদে ।

লগতে পঢ়ক : দুই এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে সমাপ্ত হ’ল বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.