গুৱাহাটী, 2 অক্টোবৰঃ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱসৰ সৈতে সংগতি ৰাখি মালিগাঁৱৰ উত্তৰ পূৱ কেন্দ্ৰীয় ৰে’লৱে চিকিৎসালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায় ৷ ‘হেল্পিং হেণ্ড ব্লাড ডন'ৰছ’ নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আয়োজন কৰা হৈছিল এই শিবিৰ ৷ শিবিৰত প্ৰায় 30 গৰাকীকৈ লোকে ৰক্তদান কৰে ৷ ৰক্তদান কৰা আটাইকেইগৰাকী লোককে সংস্থাটোৰ ফালৰ পৰা একোখনকৈ মানপত্ৰৰে সন্মানিত কৰা হয় ৷
উল্লেখ্য যে, দৰিদ্ৰ ৰোগীসকলৰ বাবে ৰক্ত যোগান ধৰাৰ উদ্দেশ্যে কেইগৰাকীমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত গঠন কৰা হৈছিল ‘হেল্পিং হেণ্ড ব্লাড ডন'ৰছ’ নামৰ সংস্থাটো ৷ সামাজিক মাধ্যমযোগে বিভিন্ন লোকৰ সহায়ত এনেধৰণৰ মহান কাম সম্পাদন কৰি আহিছে হেল্পিং হেণ্ড ব্লাড ডন'ৰছে।
লগতে পঢ়ক-পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক