ETV Bharat / state

GMC Election 2022: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বি জে পিৰ জয়যাত্ৰা আৰম্ভ

author img

By

Published : Apr 4, 2022, 9:29 PM IST

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বেই গুৱাহাটী পৌৰ নিগম নিৰ্বাচন(GMC Election 2022)ত বি জে পিৰ জয়যাত্ৰা আৰম্ভ হৈছে । সোমবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিনটোত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা কেইবাগৰাকীও কংগ্ৰেছ, আপ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত পৌৰ নিগমৰ তিনিটা ৱাৰ্ডত বিজেপিৰ তিনিগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে (BJPs victory march begins in GMC elections) ৷

GMC Election 2022
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বি জে পিৰ জয়যাত্ৰা আৰম্ভ

গুৱাহাটী, 4 এপ্ৰিল: গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ আগতেই গুৱাহাটী পৌৰ নিগম নিৰ্বাচন(GMC Election 2022)ত বি জে পিৰ জয়যাত্ৰা আৰম্ভ হৈছে । ইপিনে পৌৰ সভা নিৰ্বাচনৰ দৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ বি জে পি দলৰ প্ৰাৰ্থীৰ ওচৰত আত্মসমৰ্পণ কৰা আৰম্ভ কৰা দেখা গৈছে । উল্লেখ্য যে, সোমবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন আছিল ।

সোমবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিনটোত প্ৰাৰ্থীত্ব আগবঢ়োৱা কেইবাগৰাকীও কংগ্ৰেছ, আপ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত পৌৰ নিগমৰ তিনিটা ৱাৰ্ডত বি জে পিৰ তিনিগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে (BJPs victory march begins in GMC elections) । উল্লেখ্য যে, যোৱা শনিবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ২১২ প্ৰাৰ্থীৰ ভিতৰত ২০৮ গৰাকীৰ মনোনয়ন বৈধ হৈছিল আৰু ৪ গৰাকীৰ নাকচ হৈছিল ।

সোমবাৰে পৌৰ নিগমৰ ৪ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ, আপৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী তিনিগৰাকীয়ে তেওঁলোকৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত পৌৰ নিগমৰ ৪ নং ৱাৰ্ডত বি জি পিৰ প্ৰাৰ্থী সঞ্জয় দাসে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে । ইপিনে পৌৰ নিগমৰ ৬ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত পৌৰ নিগমৰ ৬ নং ৱাৰ্ডত বি জি পিৰ প্ৰাৰ্থী সুতাপা সৰকাৰে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ।

আনহাতে পৌৰ নিগমৰ ২২ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত পৌৰ নিগমৰ ২২ নং ৱাৰ্ডত বি জি পিৰ প্ৰাৰ্থী স্মৃতা ৰয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে (Uncontested BJP candidate in GMC election)। কংগ্ৰেছৰ তিনিগৰাকী প্ৰাৰ্থীয়ে ভোটগ্ৰহণৰ পূৰ্বে মনোমনয়ন পত্ৰ প্ৰত্যাহাৰৰ ফলত পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ৩ টা ৱাৰ্ড বি জে পিয়ে দখল কৰিলে । উল্লেখ্য পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৩ টা ৱাৰ্ডত বি জে পি আৰু ৭ টা ৱাৰ্ডত অগপ দলে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

আকৌ কংগ্ৰেছ দলৰ ৫৯ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইয়াৰে এজনৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ বিপৰীতে তিনিগৰাকীয়ে মনোমনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে । অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ ৫৭ টা ৱাৰ্ডৰ নিৰ্বাচনত এতিয়া ২০০ গৰাকী প্ৰাৰ্থীৰ বাবে অহা ২২ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব (Guwahati municipal corporation election)।

লগতে পঢ়ক: CM on Bihu celebration: থলুৱা গামোচা ব্যৱহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.